চণ্ডিগড়, ৬ অক্টোবৰঃ আহমেদিয়া মুছলিম জামাতে বিশ্ব শান্তি প্ৰচাৰ তথা দেশৰ যুৱ সকলক সংগঠিত কৰাৰ কাৰণে চণ্ডিগড়ত ১২তম যুৱ শান্তি সন্মিলনৰ আয়োজন কৰে৷ বিশ্ব বিভিন্ন দেশৰ প্ৰায় ১৫০ৰো অধিক যুৱকে অংশগ্ৰহণ কৰা এই সন্মিলনত ডকুমেন্টেৰী প্ৰদৰ্শন, প্ৰশ্নোত্তৰ তথা আলোচনাৰ মাজেৰে যুৱসকলক তেওঁলোকৰ দ্বায়িত্বৰ সৰ্ম্পকে সচেতন কৰা হয়৷ সন্মিলনত প্ৰধানত যুৱসকলৰ চৰিত্ৰ কেনেদৰে উত্তৰণ কৰা হয় আৰু ইয়াৰ জড়িয়তে যুৱসকলে কেনেদৰে নিজকে এজন সুনাগৰিক হিচাপে গঢ় দিব পাৰে, তাৰ ওপৰত আলোচনা কৰা হয়৷ সন্মিলনত আহমেদিয়া মুছলিম জামাতৰ ৰোহানী খলিফা হজৰত মিৰ্জা মছৰুদ আহমেদিয়াই কেনেদৰে সমাজৰ প্ৰতি থকা দ্বায়িত্ব উপলব্ধি কৰি সমগ্ৰ বিশ্বত শান্তি বাৰ্তা স্থাপন কৰে, এই সন্দৰ্ভত ডকুমেন্টেৰী প্ৰদৰ্শন কৰি যুৱসকলক পৰবৰ্ত্তী সময়ত কেনেদৰে নিজকে দেশৰ কাৰণে সমৰ্পিত কৰিব পাৰে তাৰেই ওপৰত আলোকপাত কৰা হয়৷ সন্মিলনত আহমেদিয়াৰ প্ৰতিনিধি হিচাপে উপস্থিত থকা চিৰাজ আহমেদে কয় যে, বৰ্তমান বিশ্বত তৃতীয় বিশ্বযুদ্ধ সূচনা হোৱাৰ প্ৰৱল সম্ভাৱনা প্ৰকট হৈছে৷ এই সময়ত বিশ্বত শান্তি বাৰ্তা প্ৰচাৰ কৰা আহমেদিয়া মুছলিম জামাতৰ মূল লক্ষ্য হৈছে যুৱ সমাজৰ মন শান্তি প্ৰতি আকৰ্ষিত কৰা৷ কাৰণ ইছলাম এক শান্তি পূৰ্ণ, শান্তি প্ৰিয় তথা শান্তি স্থাপন কৰা ধৰ্ম হয়৷ ইছলামৰ অৰ্থই অমন অৰ্থাৎ শান্তি৷ যদিও একাংশ মুছলমান সংগঠনে অজ্ঞতাৰ কাৰণে সমাজত অশান্তি তথা আতংকবাদী কাৰ্য্যকলাপ সংঘটিত কৰি আহিছে, ইয়াৰ অৰ্থ এইটো নহয় যে, ইছলাম ধৰ্মই অশান্তি শিক্ষা দি সমাজত হিংসাত্মক কাৰ্য্যকলাপ সংঘটিত কৰাৰ অনুমতি দিছে৷ ইছলাম ধৰ্মৰ প্ৰতিষ্ঠাপক হজৰত মহম্মদ সল্লাহৈ অলেহিৱসল্লমে সদায় শান্তি, প্ৰেম, সহানুভূতি, সদ্ভাৱ প্ৰেৰণৰ শিক্ষা দিছে৷ আনহাতে আহমেদিয়া মুছলিম জামাতৰ মুখ্য প্ৰেছ উপদেষ্টা তাৰিক আহমেদে কয় যে, ইছলামৰ শান্তি বাৰ্তা প্ৰেৰণ কৰাৰ কাৰণে হজৰত মিৰ্জা গোলাম আহমদ চাহিব কাদিয়ানী মসীহ মৌঊদী তথা মহদী মৌহুদ অলেহিৱসল্লমে ১৮৮৯ত ভাৰতত  আহমেদিয়া মুছলিম জামাতৰ প্ৰতিষ্ঠা কৰে৷ জামানত আহমেদিয়াক আল্লায়ে বৰ্তমান শতিকাত সমাজ সংস্কাৰৰ তথা শান্তি স্থাপনৰ কাৰণে প্ৰেৰণ কৰিছে৷ জামাতৰ মূল উদ্দেশ্য প্ৰকৃত ঈশ্বৰক উপলব্ধি কৰি ইয়াৰ লগত সম্বন্ধ স্থাপন কৰা আৰু মানুহৰ মাজত প্ৰেম, সহানুভূতি, সদ্ভাৱ স্থাপন কৰা৷ বিগত ১২৮ বছৰৰ পৰা আহমেদিয়া মুছলিম জামাতে খিলাফ-এ-আহমেদিয়াৰ আধ্যাত্মিক নেতৃত্বত সংস্থাপক জামানত আহমেদিয়াৰ দ্বাৰা বৰ্ণনা কৰা শিক্ষা অনুসৰি বিশ্বত শান্তি বাৰ্তা প্ৰেৰণ কৰাৰ লগতে সমাজত সদভাৱনা, প্ৰেম আৰু শান্তি বাৰ্তা প্ৰচাৰ কৰিছে৷