এজাক চৰাই। কোনো এক অচিন ঠাইৰ পৰা আহি যোৰহাট নগৰৰ মাজমজিয়াৰ কৃষ্ণকান্ত বৰুৱা পথৰ এজোপা গছত আশ্ৰয় লৈছেহি শামুকভঙা চৰাইৰ জাকটোৱে। কংক্ৰিত নগৰৰ মাজত থকা শামুকভঙা চৰাইৰ জাকটোৱে সৃষ্টি কৰিছে এক অনন্য পৰিবেশৰ। মানুহৰ সৈতে এতিয়া সহাৱস্থান কৰিছে চৰাইৰ জাকটোৱে। পথৰ কাষত থকা চৰাইৰ জাকটোকৰ লাগি চাই বাটৰ বাটৰুৱাই, নিবিঘ্নে বিনা দ্বিধাই চৰাইৰ জাকটোৱে সৃষ্টি কৰা পৰিবেশ হয়তো আজিৰ দিনত এক বিৰল দৃশ্য। যি সময়ত প্ৰকৃতিৰ ওপৰত মানুহে চলোৱা নিৰ্মম অত্যাচাৰৰ ফলত পশু পক্ষীৰ বিচৰণ ক্ষেত্ৰ হ্ৰাস পাইছে তেনে সময়তে যোৰহাটৰ কৃষ্ণকান্ত বৰুৱা পথৰ যান্ত্ৰিকতা পূৰ্ণ পৰিবেশত এনেদৰে পক্ষীকূলৰ নিৰ্বিঘ্ন বিচৰণে সকলোকে মোহিত কৰি তুলিছে। কিন্তু ইয়াৰ বিপৰীতে বন বিভাগৰ চৰম অৱহেলাৰ বাবে মৃত্যুমুখত পৰিছে বহুতো শামুকভঙা চৰাইৰ পোৱালী। গছৰ ওপৰৰ পৰা পৰি মৃত্যু হোৱা এই চৰাইৰ পোৱালীৰ দৃশ্য অতি মৰ্মান্তিক। কণ কণ অজান জীৱৰ মৃত্যু অতি বেদনাদায়ক। কিন্তু ফিৰোজ হুছেইন নামৰ এজন পক্ষীবিদে চৰাইসমূহ সংৰক্ষণৰ বাবে গ্ৰহণ কৰিছে এক অতি গুৰুত্বপূৰ্ণ পদক্ষেপ। শামুকভঙা চৰাই বাস কৰা গছজোপাৰ তলত প্ৰায় ৯০০  মিটাৰ জাল লগাই দি কণ কণ পোৱালীসমুহক সংৰক্ষণৰ ব্যৱস্থা কৰিছে ফিৰোজ হুছেইনে। পক্ষীবিদজনৰ লগতে অন্য দুজন ব্যক্তিয়েও নিজৰ সক্ষমতা অনুসৰি পক্ষীসমূহৰ সংৰক্ষণৰ বাবে প্ৰচেষ্টা হাতত লৈছে৷ পক্ষীপ্ৰেমী ব্যক্তিকেইজনে নিজাববীয়াকৈ চৰাই সমূহৰ সহায়ৰ বাবে আগবাঢ়ি আহিবলৈ সকলোকে আহ্বান জনাইছে।

যুতিকা মহন্ত

যোৰহাট