গুৱাহাটী, ৭ ডিচেম্বৰঃ ২০০৯ চনৰ ১২ ডিচেম্বৰত ৰাজ্য জুৰি শিহঁৰণ সৃষ্টি কৰা যোগদল হত্যাকাণ্ডৰ আঠ বছৰ অতিক্ৰম হবলৈ মাজত কেইদিন মান থকাৰ প্ৰকমুহূৰ্তত উক্ত হত্যাকাণ্ডৰ প্ৰমাণ নষ্ট কৰাৰ অভিযোগত সোনাপুৰ আৰক্ষী চকীৰ তদানীন্তন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰণৱ ডেকা আৰু অনুসন্ধানকাৰী বিষয়া আব্দুল মতলেৱক চিআইডিয়ে গ্ৰেপ্তাৰ কৰাত সৌদ অসম জনজাতি সংঘৰ ডিমৰীয়া শাখাই তদন্তকাৰী সংস্থা আৰু অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে। গ্ৰেপ্তাৰ কৰা বিষয়া দুজনৰ জৰিয়তে হত্যাকাণ্ডটোৰ প্ৰকৃত ৰহস্য আৰু হত্যাকাৰী চিনাক্ত কৰি কৰায়ত্ত কৰিব পৰা যাব বুলি অসম জনজাতি সংঘৰ ডিমৰীয়া শাখাই আশা প্ৰকাশ কৰিছে। হত্যাকাণ্ডৰ সময়ত যোগদল হত্যাকাণ্ডৰ লগত জড়িত বুলি কেইবাজনো ব্যক্তিয়ে মুকলিকৈ তদানীন্তন মন্ত্ৰী অকণ বৰা আৰু বিজয় শইকীয়াৰ নামো সজোৰে উত্থাপন কৰিছিল গতিকে এই দুয়োগৰাকী ব্যক্তিকো তদন্তৰ আওতালৈ অনাৰ দাবী জনাইছে অসম জনজাতি সংঘৰ ডিমৰীয়া শাখাই। যোগদল হত্যাকাণ্ডৰ তদন্ত কৰি হত্যাকাৰীক কৰায়ত্ত কৰিবলৈ হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব চিআইডিৰ পৰা চিবিআইলৈ হস্তান্তৰ কৰিবলৈ অসম জনজাতি সংঘই দাবী জনাই আহিছিল যদিও সেই সময়ৰ কংগ্ৰেছ চৰকাৰখনে উক্ত হত্যাকাণ্ডৰ সন্দৰ্ভত কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল বুলি সংঘই জানিবলৈ দিয়ে। সংঘই বৰ্তমানৰ চৰকাৰখনো এই ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰাত ক্ষোভ প্ৰকাশ কৰি কয় যে দিছপুৰ সমষ্টিৰ বৰ্তমানৰ বিধায়ক অতুল বৰাই নিৰ্বাচনৰ পূৰ্বে ৰাজহুৱাকৈ প্ৰচাত কৰিছিল যে তেওঁ ক্ষমতালৈ আহিলে যোগদল হত্যাকাণ্ডৰ সান্দৰ্ভত ন্যায় বিচাৰি বিধান সভাৰ মজিয়াত বিষয়টো উত্থাপন কৰি তদন্তৰ ব্যৱস্থা কৰিব কিন্তু ডেৰ বছৰত তেওঁ ৰাইজক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে। গতিকে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক এই হত্যাকাণ্ডৰ এক নিৰপেক্ষ আৰু উচ্চ পৰ্য্যায়ৰ তদন্তৰ দাবী জনায় অসম জনজাতি সংঘই।