তেজপুৰ, ১ ডিচেম্বৰ: শোণিতপুৰ জিলাৰ ঠেলামৰা -উলুবাৰীত বিশ্ব যুৱ মহিলা বক্সিঙৰ সোণৰ পদক বিজয়ী অংকুশিতা বড়োক মুখ্যমন্ত্ৰীৰ উপস্থিতিত অসমৰ বিভিন্ন দল সংগঠনে সম্বৰ্ধনা জনায়। শোণিতপুৰ জিলা সাহিত্য সভা আৰু অসম সাহিত্য সভাৰ তৰফৰ পৰা গামোছা, জাপি, গ্ৰন্থৰ টোপোলা, শৰাই, ফুলৰ থোপাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। আজি ঢেকীয়াজুলিত আয়োজিত “প্ৰেৰণা উৎসৱ”ত উপস্থিত থাকি অসম গৌৰৱ বক্সাৰ অংকুশিতা বড়ো আৰু যমুনা বড়োক সম্বৰ্ধনা জ্ঞাপন কৰে। অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দুয়োগৰাকীক আদৰণী জনোৱাৰ লগতে তেখেতসকলক প্ৰতি মুহূৰ্ততে উৎসাহ যোগোৱা পিতৃ-মাতৃ আৰু অসমবাসীক আন্তৰিক অভিনন্দন তথা ধন্যবাদ জ্ঞাপন কৰে। ৰাজ্যখনৰ খেলুৱৈসকলক উন্নতমানৰ প্ৰশিক্ষণৰ সা-সুবিধা প্ৰদানৰ উপৰি ক্ৰীড়াৰ আন্তঃগাঁথনি উন্নীতকৰণ কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে আগন্তুক দিনত দায়ৱদ্ধতাৰে কাম কৰি যাব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।