অনলাইন ডেস্ক সংবাদ ৩৬৫, ২ অক্টোবৰঃ পুনৰ চৰকাৰৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্য্যসূচী ৰূপায়নৰ হুংকাৰ দিছে অন্না হাজাৰেয়ে৷ আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মজয়ন্তী উপলক্ষে প্ৰবীণ গান্ধীবাদী নেতা অন্না হাজাৰেয়ে ৰাজঘাটত শ্ৰদ্ধাঞ্জলী জনাই কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে জন সত্যাগ্ৰহ আন্দোলনৰ কাৰ্য্যসূচী ৰূপায়নৰ হুংকাৰ দিছে৷ অন্না হাজাৰেয়ে ইয়াৰে অংশহিচাপে আজি ৰাজঘাটত সত্যাগ্ৰহ কাৰ্য্যসূচী ৰূপায়ন কৰে৷ অন্না হাজাৰেয়ে প্ৰতিবাদস্থলীৰ পৰা কেন্দ্ৰীয় চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে, ছয় বছৰ অতিক্ৰম কৰাৰ পিছতো বৰ্তমানলৈ দেশত জন লোকপাল প্ৰণয়নৰ কাৰণে বিহিত ব্যৱস্থা গ্ৰহণ কৰা নহ’ল৷ তেওঁ মোদী নেতৃত্বাধীন চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে, সৰ্বসাধাৰণ লোকৰ দুৰ্দশাৰ অন্যতম কাৰণ হৈছে দুৰ্নীতি৷ মোডী চৰকাৰে দেশত দুৰ্নীতি ৰোধৰ কাৰণে ব্যৱস্থা লৈছে, আনহাতে জনলোকপাল প্ৰণয়নৰ কাৰণে নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰিছে৷ চৰকাৰে শীঘ্ৰে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে প্ৰবীণ গান্ধীবাদী নেতা অন্না হাজাৰেয়ে ডিচেম্বৰ বা জানুৱাৰীৰ পৰা জনসত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়নৰ হুংকাৰ দিয়ে৷ উল্লেখ্য যে, গান্ধী জয়ন্তী উপলক্ষে অন্না হাজাৰেয়ে পুৱা পুণেৰ পৰা আহি দিল্লীত উপস্থিত হৈ ৰাজঘাটত শ্ৰদ্ধাঞ্জলী জনাই সত্যাগ্ৰহ কাৰ্য্যসূচী ৰূপায়ন কৰে৷