ভাৰত চীন সীমান্তত ভূমিকম্প : অসমতো অনুভৱ জোকাৰণি

In ৰাজ্য, ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

গুৱাহাটী, ১৮ নৱেম্বৰঃ অৰুণাচল প্ৰদেশৰ ভাৰত চীন সীমান্তত শনিবাৰে পুৱা ৪.০৪ বজাত ৬.৪ ৰিখটাৰ স্কেল প্ৰাবল্যৰ এক ভূমিকম্পৰ জোকাৰণি অনুভৱ কৰা হয়। ভূমিকম্পৰ জোকাৰণি অসম, অৰুণাচল প্রদেশ আৰু মেঘালয়তো অনুভৱ কৰা হয়। ৬.৪ ৰিখটাৰ স্কেলৰ এই ভূমিকম্পৰ কেন্দ্র বিন্দু ২৯.৭৬ ডিগ্ৰী উত্তৰ আৰু ৯৪.৮ ডিগ্ৰী পূব ড্ৰাঘিমাত ভূপিষ্টৰ ১০ কিলোমিটাৰ গভীৰতাত বুলি জানিব পৰা গৈছে। ভূমিকম্পৰ ফলত বৰ্তমানলৈকে কোনো ধৰণৰ ক্ষয় ক্ষতিৰ খবৰ অহা নাই যদিও পুৱাৰ ভাগত অহা এই ভূমিকম্পৰ ফলত ৰাইজৰ মাজত হুৱাদুৱাৰ সৃষ্টি হয়। আনহাতে চীনৰ সংবাদ মাধ্যম অনুসৰি অৰুণাচল প্ৰদেশৰ সীমাত লাগি থকা তিব্বতৰ নিয়াঞ্চিত শনিবাৰে পুৱা ৬.৩৪ বজাত ৬.৯ ৰিখটাৰ স্কেল প্ৰাবল্যৰ এক ভূমিকম্পৰ জোকাৰণি অনুভৱ কৰা হয়।

Comments

comments

You may also read!

নাগা চুক্তি ৰাজহুৱা কৰা আৰু মাইবঙ ঘটনাৰ প্ৰতিবাদত লাষ্ট গেটত বহিল ডিমাছা মহিলা

গুৱাহাটী, সংবাদ ৩৬৫, ২০ ফেব্ৰুৱাৰীঃ অসম বিধানসভা চলি থকা সময়তে মঙলবাৰে মহানগৰীৰ লাষ্ট গেটত প্ৰতিবাদত বহিল কেইবাটাও ডিমাছা মহিলা

Read More...

মেঘালয়ৰ মুখ্যমন্ত্ৰী মুকুল চাংমালৈ জিএনএলএৰ ভাবুকি

মেঘালয়, সংবাদ ৩৬৫, ২০ ফেব্ৰুৱাৰীঃ পাহাৰীয়া ৰাজ্য মেঘালয়ৰ মুখ্যমন্ত্ৰী মুকুল চাংমাক ছচিয়েল মিডিয়াযোগে হত্যাৰ ভাবুকি প্ৰদান কৰিছে গাৰো উগ্ৰপন্থী

Read More...

আমছু নেতাৰ বাল্য বিবাহ বিতৰ্কক লৈ আনাৰুল ইছলামৰ স্পটীকৰণ

গুৱাহাটী, সংবাদ ৩৬৫, ১৯ ফেব্ৰুৱাৰীঃ যোৱা কিছুদিন ধৰি বিভিন্ন সংবাদ মাধ্যমৰ লগতে ফেচবুক, হোত্সআপত বিতৰ্কৰ সৃষ্টি কৰা আমছু নেতা আনাৰুল

Read More...

Mobile Sliding Menu