গুৱাহাটী, ১৮ নৱেম্বৰঃ অৰুণাচল প্ৰদেশৰ ভাৰত চীন সীমান্তত শনিবাৰে পুৱা ৪.০৪ বজাত ৬.৪ ৰিখটাৰ স্কেল প্ৰাবল্যৰ এক ভূমিকম্পৰ জোকাৰণি অনুভৱ কৰা হয়। ভূমিকম্পৰ জোকাৰণি অসম, অৰুণাচল প্রদেশ আৰু মেঘালয়তো অনুভৱ কৰা হয়। ৬.৪ ৰিখটাৰ স্কেলৰ এই ভূমিকম্পৰ কেন্দ্র বিন্দু ২৯.৭৬ ডিগ্ৰী উত্তৰ আৰু ৯৪.৮ ডিগ্ৰী পূব ড্ৰাঘিমাত ভূপিষ্টৰ ১০ কিলোমিটাৰ গভীৰতাত বুলি জানিব পৰা গৈছে। ভূমিকম্পৰ ফলত বৰ্তমানলৈকে কোনো ধৰণৰ ক্ষয় ক্ষতিৰ খবৰ অহা নাই যদিও পুৱাৰ ভাগত অহা এই ভূমিকম্পৰ ফলত ৰাইজৰ মাজত হুৱাদুৱাৰ সৃষ্টি হয়। আনহাতে চীনৰ সংবাদ মাধ্যম অনুসৰি অৰুণাচল প্ৰদেশৰ সীমাত লাগি থকা তিব্বতৰ নিয়াঞ্চিত শনিবাৰে পুৱা ৬.৩৪ বজাত ৬.৯ ৰিখটাৰ স্কেল প্ৰাবল্যৰ এক ভূমিকম্পৰ জোকাৰণি অনুভৱ কৰা হয়।