গুৱাহাটী, ১৪ আগষ্টঃ অসমৰ সাম্প্রতিক জটিল বান পৰিস্থতিত উদ্বিগ্নতা প্রকাশ কৰিছে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে৷ প্ৰধানমন্ত্ৰী মোদীয়ে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰি ৰাজ্যখনৰ সাম্প্রতিক বান পৰিস্থিতিৰ বিস্তৃতভাৱে বুজ লয়। দীর্ঘ সময়ৰ ধৰি হোৱা টেলিফোনিক বার্তালাপত প্রধানমন্ত্রীয়ে মুখ্যমন্ত্ৰীৰ পৰা সাম্প্রতিক বানপানীৰ ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ লগতে, উদ্ধাৰ অভিযান, বানাক্ৰান্তৰ বাবে স্থাপন কৰা শিবিৰ, শিশু খাদ্য, পশু খাদ্য, স্বাস্থ্য আদি যাৱতীয় দিশসমূহ বুজ লয়৷ লগতে ৰাজ্য চৰকাৰে বানাক্রান্তসকলৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা আৰু সাংসদ, বিধায়ক, জনপ্ৰতিনিধিয়ে গ্ৰহণ কৰা পদক্ষেপ সমূহৰ বিষয়েও প্ৰধানমন্ত্ৰীয়ে বুজ লয়৷ সাম্প্ৰতিক বানত ৰাজ্যখন বেয়াকৈ ক্ষতিগ্রস্ত হোৱা বুলি জানিব পাৰি কেন্দ্ৰীয় চৰকাৰে সকলো ধৰণৰ সহায় সহযোগ আগবঢ়াব বুলিও প্ৰধানমন্ত্ৰীয়ে আশ্বাস দিয়ে৷ তেওঁ বানৰ ক্ষয়-ক্ষতিৰ বিস্তৃত প্রতিবেদন কেন্দ্রীয় চৰকাৰৰ ওচৰত শীঘ্ৰে দাখিল কৰিবলৈ মুখ্যমন্ত্ৰীক কয়। আনহাতে সাম্প্রতিক বানত বিহাৰৰ কিষাণগঞ্জকে ধৰি অন্যান্য ঠাইত আৱদ্ধ হৈ থকা ৰেল যাত্রীসকললৈ সুৰক্ষাকে ধৰি যাৱতীয় সকলো ধৰণৰ সহায়-সহযোগ আগবঢ়োৱাৰ লগতে যাত্ৰীসকল উভতি আহিব পাৰেকৈ সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্রী সর্বানন্দ সোনোৱালে বিহাৰৰ উপ-মুখ্যমন্ত্রী সুশীল কুমাৰ মোডীক টেলিফোন যোগে আহ্বান জনায়৷