নিউজ ডেস্ক, ৫ ডিচেম্বৰ: জনপ্ৰিয় কন্ঠশিল্পী জুবিলী বৰুৱালৈ বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী ড° এ এন জিয়াউদ্দিন আহমেদ হাজৰিকা সোঁৱৰণীত প্ৰথম বাৰলৈ আগবঢ়াইছে “বাঘ হাজৰিকা সমন্বয় বঁটা”। মৰাণ কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আনুষ্ঠানিকভাৱে আজি এই বঁটা প্ৰদান কৰে। মৰাণ জুনিয়ৰ কলেজ আৰু ড°এ এন জিয়াউদ্দিন আহমেদ হাজৰিকাৰ পৰিয়াল বৰ্গই আগবঢ়াইছে এই বঁটা।  আজি এই বঁটা গ্ৰহণ কৰি জুবিলী বৰুৱাই অতিশয় আনন্দিত হৈ পৰে। জুবিলীয়ে “বাঘ হাজৰিকা সমন্বয় বঁটা ” পোৱা পাছত তেওঁৰ অসমবাসীৰ বাবে দায়িত্ব অধিক বাঢ়িল বুলি উল্লেখ কৰে। জুবিলীয়ে তেওঁৰ মৃত্যুৰ পিছত নিজৰ অংগ দান কৰা দৰে মহান কাৰ্যই কাৰোবাক জীৱন দান কৰিব বুলি কয়। জুবিলীয়ে অসমত হাজাৰ হাজাৰ জুবিলী সৃষ্টি হোৱাতো কামনা কৰে। জুবিলীয়ে বঁটা গ্ৰহণ কৰি মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী অনুৰোধত কেইবাটিও গীত পৰিবেশন কৰি ছাত্ৰ-ছাত্ৰীৰ লগতে উপস্থিত লোকক আমোদ দিয়ে। উদ্যোক্তাই জানিবলৈ দিয়া মতে, অসমবাসী উন্নয়নৰ বাবে সেৱা আগবঢ়োৱা জাতি-ধৰ্ম-বৰ্ণ নিবিশেষে সকলো শ্ৰেণীৰ পৰা বাচি এজন বিশেষ লোকক প্ৰত্যেক বছৰে এই বঁটা প্ৰদান কৰিব।