অনলাইন ডেস্ক সংবাদ ৩৬৫, ৩০ মেঃ সমগ্ৰ বিশ্বজুৰি চৰ্চ্চা লাভ কৰা বাহুৱলী ছবিখন এইবাৰ এক নতুন ৰূপত দৰ্শকৰ মাজত আহিব। বিশেষকৈ শিশুসকলৰ বাবে এইবাৰ বাহুৱলী নিৰ্মাণ কৰিবলৈ ওলাইছে কালাৰ্ছে। শিশুসকলক মনোৰঞ্জনৰ উদ্দেশ্যে কালাৰ্ছে নিৰ্মাণ কৰিব এনিমেটেড বাহুৱলী। গ্ৰাফিক্স ইণ্ডিয়া আৰু আৰ্ক মিডিয়াৰক্স সহযোগত কালাৰছে অতি শীঘ্ৰে নিৰ্মাণ কৰিব এনিমেটেড বাহুৱলী। ইতিমধ্যে ছবিখনৰ নামো ঠিৰাং কৰা হৈছে। ‘বাহুৱলী-দি লষ্ট লেজেণ্ড’ নামেৰে নিৰ্মাণ হ’ব টিভি ছিৰিজ খনৰ প্ৰযোজনা কৰিব বাহুৱলী ছবিখনৰ নিৰ্মাতা এছ এছ ৰাজামৌলিৰ লগতে শৰদ দেৱৰঞ্জন আৰু আৰ্ক মিডিয়াৰক্সে। এছ এছ ৰাজামৌলিয়ে বাহুৱলীৰ এনিমেটেড ছিৰিজটোক লৈ সন্তোষ প্ৰকাশ কৰিছে৷ তেওঁ ছিৰিজটোৰ জৰিয়তে মহেশ্বমতী সাম্ৰাজ্য বিস্তৃত ৰূপত দৰ্শকৰ আগত দাঙি ধৰিব পাৰিব বুলি আশা কৰে৷ এনিমেটেড বাহুৱলী-দি লষ্ট লেজেণ্ডে শিশুসকলৰ লগতে সকলো শ্ৰেণীৰ দৰ্শকক মনোৰঞ্জন কৰাৰ লগতে জনপ্ৰিয়তাৰ নতুন অভিলেখ ৰচনা কৰিব বুলি আশা কৰা হৈছে৷