মুকালমুৱা, ২৯ জুনঃ নলবাৰীৰ চামতা বৈদ্যুতিক উপ-সংমণ্ডলৰ অধীনস্থ মুকালমুৱা বিদ্যুৎ গ্ৰাহক সেৱা কেন্দ্ৰৰ কাৰ্যালয়ত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বৰক্ষেত্ৰী আঞ্চলিক সমিতিয়ে স্থানীয় ৰাইজৰ সহযোগত তলা লগাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদকাৰী সকলে প্ৰতিবাদস্থলীত শক্তিমন্ত্ৰী মুৰ্দাবাদ, বিদ্যুৎ বিভাগ হায় হায় ধ্বনিৰে পৰিস্থিতি অধিক উত্তাল কৰি তোলে৷ উল্লেখযোগ্য যে, বৃহত্তৰ মুকালমুৱা অঞ্চলৰ প্ৰতিজন বিদ্যুৎ গ্ৰাহকৰ পৰা যোৱা মে’ মাহৰ বিল ১০,০০০ হেজাৰ টকাৰ পৰা ৭০,০০০ হেজাৰ টকা পৰ্য্যন্ত আহিছিল৷ গ্ৰাহক সকলে  মুকালমুৱা বিদ্যুৎ সেৱাৰ কাৰ্যালয়ত উপস্থিত হৈ আকাশলংঘী বিলৰ কথা জানিবলৈ বিচৰাত কোনো এজন কৰ্মচাৰীয়ে সুদুত্তৰ দিব নোৱাৰাত ক্ষুদ্ধ হৈ পৰে গ্ৰাহকসকল ৷ আনহাতে বিদ্যুৎ বিভাগৰ এই অনিয়ম তথা নজিৰবিহীন কাণ্ডৰ বুজ ল’বলৈ বিদ্যুৎ গ্ৰাহক সেৱা কেন্দ্ৰত উপস্থিত হোৱা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বৰক্ষেত্ৰী আঞ্চলিক সমিতিৰ প্ৰতিনিধিক  বিভাগটোৰ কৰ্মচাৰীয়ে গা-এৰা মন্তব্যহে দিয়ে৷ বিভাগটোৰ এনে আচৰণত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি  সমিতিয়ে ৰাইজৰ সহযোগত কাৰ্যালয়ত তলা ওলমাই বৃহৎ প্ৰতিবাদী কাৰ্য্যসুচী ৰূপায়ন কৰে৷  বিদ্যুৎ বিভাগৰ এনে কাণ্ডজ্ঞানহীনতা বাবে জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে নলবাৰী জিলাৰ উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰি বিষয়টোৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ৷ যুৱ-ছাত্ৰ পৰিষদ বৰক্ষেত্ৰী আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক জাকিৰ হুছেইনে সদৰি কৰা মতে অহা ১০ দিনৰ  সমস্যা সমাধান কৰিবলৈ নোৱাৰিলে পৰিষদে জংগী আন্দোলন গঢ়ি তুলিব৷ এই আন্দোলত কোনো বিক্ষিপ্ত ঘটনা সংঘটিত হ’লে যুৱ-ছাত্ৰ পৰিষদ দায়ী নহয়৷