বৰহাট, ২০ জুনঃ চৰাইদেউৰ অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী চৰাইপুং আৰক্ষী থানাৰ অন্তৰ্গত লাকিলী গাঁৱৰ নিবাসী ভূপেন ৰাভা (৮৫) বছৰীয়া এগৰাকী বৃদ্ধ নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । পৰিয়াল সূত্ৰে জানিব পৰা মতে ১৯ জুনৰ পুৱা ৭ বজাত ভূপেন ৰাভা ঘৰৰ পৰা বজাৰ কৰিবলৈ  বৰুৱাচালি অভিমুখে ওলায় আহে৷ ইয়াৰ পিছৰে পৰা পৰিয়ালৰ লোকে ৰাভাৰ কোনো শুংসূত্ৰ লাভ কৰা নাই। ইতিমধ্যে পৰিয়ালে স্থানীয় চৰাইপুং আৰক্ষী থানাত ভূপেন ৰাভা সন্ধানহীন হোৱাৰ বিষয়ে অৱগত কৰিছে যদিও বৰ্তমানলৈকে ব্যক্তিজনৰ কোনো সম্ভেদ পোৱা নাই। কোনো লোকে নিৰুদ্দেশ ভূপেন ৰাভাৰ সম্ভেদ পালে পবিত্ৰ চুতীয়া, দূৰভাষ-৯৫৭৭৩৩৭৯২৮ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালটোৱে অনুৰোধ জনাইছে।