কলগাছিয়া ৭ চেপ্তেম্বৰঃ প্ৰসূতিৰ স্বাস্থ্য পৰীক্ষা তথা সন্তান প্ৰসৱৰ কাৰণে স্বাস্থ্য বিভাগে বিনামূলীয়া সকলো সা-সুবিধা দিয়াৰ সময়তে কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত প্ৰসূতিৰ স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসকে অবাধে ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ প্ৰাপ্ত তথ্য মতে, বৰপেটাৰ কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ৰ প্ৰসূতি বিশেষজ্ঞ ডাঃ জাকিৰ হুছেইনে আল্ট্ৰা ছাউণ্ড আৰু ছ’নোগ্ৰাফীৰ নামত নিতৌ অবৈধভাৱে ২০০-৩০০টকা সংগ্ৰহ কৰিছে। কেবাজনো প্ৰসূতি ৰোগীৰ পৰা চিকিৎসক ডাঃ জাকিৰ হুছেইনে আল্ট্ৰা ছাউণ্ড আৰু ছ’নোগ্ৰাফীৰ বাবে ধন বিচৰাত একাংশ প্ৰসূতিৰ অভিভাৱকে প্ৰতিবাদ কৰাত চিকিৎসালয়খনত অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হয়৷ একাংশ প্ৰসূতিয়ে ধন নিদিয়াত আল্ট্ৰা ছাউণ্ড আৰু ছ’নোগ্ৰাফীৰ লগতে স্বাস্থ্য পৰীক্ষা কৰা পৰা ডাঃ জাকিৰ হুছেইনে বিৰত থাকে বুলি অভিযোগ উঠিছে।  চিকিৎসকগৰাকীৰ এই অনৈতিক কাৰ্য্যৰ বিষয়ে অৱগত হোৱাৰ স্বতেও অধীক্ষক ডাঃ হাসমত আলীয়ে নিৰৱ ভূমিকা গ্ৰহণ কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ স্থানীয় বিধায়কৰে ঘনিষ্ঠ চিকিৎসক ডাঃ  জাকিৰ হুছেইনৰ বিৰুদ্ধে স্বাস্থ্যমন্ত্ৰীয়ে কেনে ব্যৱস্থা গ্ৰহণ কৰে, সেয়া পৰবৰ্ত্তী সময়তহে জানিব পৰা যাব৷