বাংগালুৰু, ১৮ মেঃ আই পি এলৰ দশম সংস্কৰণৰ এলিমিনেটৰ মেচত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰে কলকাতা নাইট ৰাইডাৰ্ছ। বাংগালুৰুৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এলিমিনেটৰত প্ৰথমে বেটিং কৰি ছানৰাইজাছে নির্ধাৰিত ২০ অ’ভাৰত সাত উইকেটৰ বিনিময়ত মাত্র ১২৮ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। পিছত বৰষুণৰ বাবে খেলখন পলমকৈ অনুষ্ঠিত কৰিবলগীয়া হয় যদিও ডাকৱাৰ্থ পদ্ধতিত কলকাতাক জয়ৰ বাবে ৬ অভাৰত ৪৮ ৰাণৰ লক্ষ্য বান্ধি দিয়ে৷ অপেনাৰ ৰবীন উথাপ্পা ১, ক্ৰিছ লিন ৬ ৰান ব্যৰ্থ হোৱাত অতি আশাৰে ইউছুফ পাঠানক পঠোৱা হয় যদিও পাঠানে সকলোকে নিৰাশ কৰি কোনো ৰান নকৰাকৈয়ে পেভেলিয়নমূখী হয়৷ ৩ উইকেটৰ বিনিময়ত ১২ ৰান সংগ্ৰহ কৰি বিপৰ্যয়ৰ সন্মূখীন হ’বলগীয়া হয় কলকাতা নাইট ৰাইডাৰ্ছ৷ পিছত অধিনায়ক গৌতম গম্ভীৰৰ ১৯ টা বলত ২ টা ছিক্সাৰ আৰু ২ টা বাউণ্ডেৰী সহ ৩২ ৰানৰ সহায়ত ৪ টা বল বাকী থকা অৱস্থাতে বিজয়ী লক্ষ্যত উপনীত হয়৷ অধিনায়ক গম্ভীৰ সৈতে সহযোগ দি ঈশাঙ্ক জগ্গীয়ে ৮ টা বলত ৫ ৰান সংগ্ৰহ কৰে৷ ইপিনে কলকাতাই টছত জিকি বেটিং কৰিবলৈ আমন্ত্ৰণ কৰা ছানৰাইজাৰ্ছ হায়দৰাবাদৰ অধিনায়ক ডেভিদ ৱাৰ্নাৰে ৩৭, কেন উইলিয়ামছনে ২৪, বিজয় শংকৰে ২২, নমন ওজাই ১৬ ৰান কৰাৰ বাহিৰে আন বেটছমেনসকল ব্যর্থ হয়। দলীয় স্ক’ৰ ২৫ ৰান হওঁতে অপেনাৰ শিখৰ ধাৱনৰ ৰূপত প্ৰথমটো উইকেট হেৰুওৱাৰ পাছত ৱাৰ্নাৰ আৰু কেন উইলিয়ামছনে দ্বিতীয় উইকেটত মূল্যৱান ৫০ ৰান যোগ দিয়ে। কিন্তু উইলিয়ামছনৰ বিদায়ৰ পাছতে হায়দৰাবাদৰ ইনিংছত বেটিং বৃহৎ স্ক’ৰ থিয় কৰােৱাত ব্যর্থ হয়। ৱার্নাৰে ৩৫ বলৰ সন্মুখীন হৈ দুটা বাউণ্ডেৰী আৰু দুটা অ’ভাৰ বাউণ্ডেৰীৰে দলটোৰ হৈ সর্বাধিক ৩৭ ৰানৰ বৰঙণি আগবঢ়ায়। উইলিয়ামছনে ২৬ বলত দুটা বাউণ্ডেৰী আৰু এটা অভাৰ বাউণ্ডেৰী কোবাবলৈ সক্ষম হয়। আঘাতৰ বাবে এলিমিনেটৰত খেলাক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছিল যদিও তাৰকা বেটছমেন যুৱৰাজ সিং মূল একাদশত অন্তর্ভুক্ত হয়। অৱশ্যে মাত্র ৯ ৰানতে পেভিলিয়নমুখী হৈ ছানৰাইজাৰ্ছ হায়দৰাবাদক তেওঁ বিমুখ কৰে। কলকাতাৰ নাথান কল্টাৰ নীলে তিনিটা আৰু উমেশ যাদৱে দুটা উইকেট দখল কৰে। পীযুষ চাওলা আৰু ট্ৰেণ্ট ব’ন্টেও এটাকৈ উইকেট লাভ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে আই পি এলৰ দশম সংস্কৰণৰ এলিমিনেটৰ মেচত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ ৭ উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশৰ আশা সজীৱ কৰি তুলিলে কলকাতা নাইট ৰাইডাৰ্ছ৷ কাইলৈ নিশা ৮ বজাত দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত কলকাতাৰ মুখামুখি হ’ব প্ৰথম কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হোৱা মুম্বাই ইণ্ডিয়ানছ৷