চৰাইদেউৰ পৰা আছিকুৰ ৰহমান, ১০ ডিচেম্বৰঃ ৰাজ্যত প্ৰায়ে দেখিবলৈ পোৱা বন্যপ্ৰাণী আৰু মানুহৰ সংঘাতৰ পৰিণাম দিনক দিনে ভয়াবহ হবলৈ ধৰিছে। মানুহৰ হাতত কেতিয়াবা যদি বন্যপ্ৰাণীয়ে প্ৰাণ হেৰুৱাইছে, কেতিয়াবা আকৌ বন্যপ্ৰাণীৰ আক্ৰমণত মানুহ মৃত্যুৰ মুখত পৰিছে। মুঠতে মানুহ আৰু বন্যপ্ৰাণী দুয়োৰে জীৱন এতিয়া সংকটত। মানুহ আৰু বন্যপ্ৰাণীৰ মাজত হোৱা সংঘাতৰ ভিতৰত আটাইতকৈ বেছি সংঘাত দেখিবলৈ পোৱা যায় মানুহ আৰু হাতীৰ মাজত। এফালে মানৱ জাতিৰ জানসংখ্য বৃদ্ধিৰ ফলত মানুহে বাসস্থানৰ বাবে বনাঞ্চলৰ ফালে ঢাপলি মেলাছে আৰু আনফালে বন্যপ্ৰাণীয়ে নিজৰ বাসস্থান হেৰুৱাই জনাঞ্চলৰ ফালে আগমন কৰিছে। বনাঞ্চলৰ ফালে মানুহে ঢাপলি মেলাৰ ফলত বিভিন্ন বন্যপ্ৰাণী বাসস্থান আৰু খাদ্য সংকটত পৰিছে। সুৰু সুৰা বন্যপ্ৰাণীয়ে যদিও মানুহৰ বেদশলৰ পৰা ৰক্ষা পৰা বনাঞ্চলতে কিবাকে নিজৰ খাদ্য উলিয়াই নিজকে জীয়াই ৰাখিছে কিন্তু হাতীৰ দৰে বিশাল প্ৰাণীৰ বাবে প্ৰয়োজনীয় খাদ্যৰ অভাৱে হাতীক জনাঞ্চললৈ ওলাই আহিবলৈ বাধ্য কৰিছে। ইয়াৰ ফলস্বৰূপে বৃদ্ধি পাবলৈ ধৰিছে হাতী মানুহৰ সংঘাত। হাতী মানুহৰ এই সংঘাতৰ পৰিণামৰ ফলত মানুহ এতিয়া নিজৰ ঘৰ সাজিবলৈ লৈছে গছৰ ওপৰত। চৰাইদেউ জিলাৰ সদৰ খোনাৰীৰ বনগাঁৱৰ বাসিন্দাসকল হাতীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰনা পাবলৈ এতিয়া গছৰ ওপৰত ঘৰ সাজি জীৱন অতিবাহিত কৰিবলৈ লৈছে। অসম নাগালেণ্ড সীমান্তবর্তী চৰাইদেউ জিলাৰ অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকে বিভিন্ন সময়ত এই অঞ্চলতবোৰত বসবাস কৰা লোকৰ ওপৰত আক্ৰমণ চলাই অঞ্চলবাসীৰ ঘৰ ভাঙি তাহিলং কৰে। এই অঞ্চলসমূহত হাতীৰ তাণ্ডৱ পৰা ৰক্ষা পাবলৈ অঞ্চলবাসীয়ে গছৰ ওপৰত ঘৰ সাজিবলৈ বাধ্য হৈছে বুলি অঞ্চলবাসীয়ে জানিবলৈ দিয়ে। অঞ্চলটোত থকা বন বিভাগ বিভিন্ন সময়ত অঞ্চলটোত হোৱা হাতী মানুহৰ সংঘাতৰ সাক্ষী হিচাপে আছে যিদিও পৰিস্থিতি ইমানে ভয়ংকৰ যে বন বিভাগৰ হাতত ইয়াৰ সমাধানৰ কোনো ব্যৱস্থা নাই। গতিকে হাতীৰ তাণ্ডৱৰ পৰা ৰক্ষা পাবলৈ এতিয়া অঞ্চলবাসীয়ে গছৰ ওপৰত থিতাপি লৈছে।