বৰহাট, ১৯ জুনঃ চৰাইদেউ জিলাৰ সোণাৰি সমষ্টিৰ বিভিন্ন পঞ্চায়তত জনসাধাৰণক বিশুদ্ধ খোৱা পানী যোগানৰ নামত স্থাপন কৰা মাৰ্ক টু টিউৱেল সমূহ সম্প্ৰতি প্ৰহসনত পৰিণত হৈছে ৷ অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে সোণাৰি সংমণ্ডলৰ অধীনত স্থাপন কৰা এই মাৰ্ক টু টিউৱেল সমূহে জনসাধাৰণক বিশুদ্ধ খোৱা পানী যোগানৰ নামত ৰঙচুৱা, আইৰণযুক্ত তথা ফ্ল’ৰাইডযুক্ত পানী যোগান ধৰিছে। এই পানীখোৱাৰ ফলত পিছত অঞ্চলটোৰ বহু লোক ৰোগাক্ৰান্ত হোৱাত ৰাইজে উক্ত টিউৱেলৰ পানী খাবলৈ আৰু ব্যৱহাৰ কৰিবলৈ এৰি দিয়ে। ৰাইজে পানীৰ অভাৱত অপৰিষ্কাৰ পৰিৱেশৰ খাল,পুখুৰী,কুঁৱা,জান,নদীৰ পানী ব্যৱহাৰ কৰিব লগীয়া হৈছে। আনহাতে ব্যৱহাৰৰ অভাৱত বহু টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই মাৰ্ক টু টিউৱেল সমূহ জহি খহি যোৱা পৰিলক্ষিত হৈছে ৷ স্থানীয় লোকৰ অভিযোগ কৰা মতে পথৰ দাঁতি তথা কোনো ব্যক্তিৰ বাৰীত স্থাপন কৰা এই নলী-নাদ টিউৱেল সমূহ অতি নিম্ন মানৰ সা-সামগ্ৰী ব্যৱহাৰ কৰি কম গভীৰতাত স্থাপন কৰাৰ লগতে চৰকাৰৰ চৰম গাফিলতিত পানী খোৱাৰ অনুপযোগী হৈছে ৷ চৰাইদেউ জিলাৰ বৰুৱাছালি মৌজাৰ বিভিন্ন প্ৰান্তত এনে ভালেসংখ্যক টিউৱেল বিকল হৈ এতিয়া ফুলদানীত  হে পৰিণত হৈছে। সৰহ সংখ্যক টিউৱেলৰ পানী ৰঙচুৱা,তেলেতীয়া তথা দুৰ্গন্ধময় হোৱা বুলি ভোক্তভোগী ৰাইজে অভিযোগ কৰাৰ লগতে বিভাগীয় কৰ্তৃপক্ষই এই টিউৱেল সমূহ মেৰামতি কৰি দিলে ৰাইজ উপকৃত হ’ব বুলিও মন্তব্য কৰে ৷ দীৰ্ঘদিন ধৰি এই টিউৱেল সমূহ মেৰামতি কৰাৰ ক্ষেত্ৰত জনস্বাস্থ্য কাৰিকৰী বিভাগে কোনো পদক্ষেপ গ্ৰহণ নকৰাত স্থানীয় লোকে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে।