গুৱাহাটী, ২৬ জুলাইঃ গুৱাহাটী চিটী এফ চিয়ে ইয়াৰ গ্ৰাছৰুট্‌ছ প্ৰকল্পৰ অংশ হিচাপে গুৱাহাটী বিশ্ববিদ্যালয় ষ্টেডিয়ামত আয়োজন কৰা গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি পৰে৷ উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ উপৰি চুবুৰীয়া দেশ ভূটানৰ পৰা অহা ১৫০ গৰাকী খেলুৱৈৰ অংশগ্ৰহণেৰে অনুষ্ঠিত শিবিৰৰ সামৰণিৰ দিনা পাৰদৰ্শিতা দেখুওৱা খেলুৱৈসকলক বঁটাৰ লগতে সকলোকে প্ৰমাণপত্ৰ প্ৰদান কৰা হয়৷  প্ৰখ্যাত আই-লীগ ক্লাব শ্বিলং লাজং এফ চিৰ কাৰিকৰী সহযোগিতাত অনুষ্ঠিত দহদিনীয়া শিবিৰত অংশ লোৱা দুজন প্ৰতিভাৱান কিশোৰে ৰাজ্যিক ছাব জুনিয়ৰ দলৰ ট্ৰায়েলৰ বাবে আমন্ত্ৰণ লাভ কৰিছে৷ শিবিৰত অংশগ্ৰহণ কৰা ১২ বছৰৰ অনুৰ্ধৰ ১২ গৰাকী খেলুৱৈৰ ভৱিষ্যত যথেষ্ট উজ্জ্বল বুলি মন্তব্য কৰিছে প্ৰশিক্ষণ দিয়া শ্বিলং লাজঙৰ ছিনিয়ৰ দলৰ প্ৰশিক্ষক বীৰেন্দ্ৰ থাপা আৰু অসমৰ খ্যাতনামা প্ৰশিক্ষক কমলাকান্ত সিঙে৷ এই প্ৰশিক্ষণ শিবিৰত লাজঙৰ হৈ উদীয়মান খেলুৱৈসকলক প্ৰশিক্ষণ দিছিল থাপাৰ (এএফচিবি লাইচেঞ্চ ) লগতে ৱীৰেন্দ্ৰ ইৱৰাম, এলীছন খাৰছিনটিউ (এ এফচিবি লাইচেঞ্চ), ববী নংবেটে (এএফচিএ লাইচেঞ্চ)৷ সহযোগ কৰিছিল এআইএফএফডি লাইচেঞ্চ প্ৰাপ্ত অসমৰ যুৱ প্ৰশিক্ষকদ্বয় ৰিতুপৰ্ণ বড়ো আৰু  বিশাল প্ৰধানে৷ সামৰণি অনুষ্ঠানত দেশজুৰি আৰম্ভ হোৱা বিভিন্ন অনুষ্ঠানৰ বিষয়ে অৱগত কৰে মিছন ইলেভেন মিলিয়নৰ তৰফৰ পৰা ৰাণাজিৎ মহন্তই৷ ডিকাথলন, নাৰায়ণা ছুপাৰস্পেচিয়েলিটী হাস্পতাল, গপশ্বপ এফএম, ইগুৱা, ইকলেক্টিটিক নৰ্থ-ইষ্ট, টিন এজাৰ্ছ অৱ আছাম, নিউজমিল আৰু কুইকফিডৰ সহযোগত  আয়োজিত এই শিবিৰৰ সামৰণি উপলক্ষে জিচিএফচিৰ সঞ্চালক, প্ৰশিক্ষক আৰু যুৱ খেলুৱৈৰে গঠিত জিচিএফচি একাদশ আৰু জুবিন গাৰ্গ একাদশৰ মাজত এখন প্ৰদৰ্শনী মেচ অনুষ্ঠিত হয় ৷ মেচখনত জিচিএফচি একাদশে জুবিন গাৰ্গ একাদশক ৪-১ গ’লত পৰাস্ত কৰে৷  জিচিএফচিৰ বীৰেন্দ্ৰ থাপাই তিনি আৰু নাওগা বড়োৱে ১টা গ’ল দিয়ে৷  মেচৰ শেষত জুবিনে কয় যে অহা এটা দশকৰ ভিতৰত তেওঁ ভাৰতে বিশ্বকাপ খেলাটো বিচাৰে আৰু সেই ভাৰতীয় দলত অন্ততঃ দুগৰাকী অসমীয়া খেলুৱৈয়ে খেলাটো কামনা কৰে ৷ এই দিশত জিচিএফচিয়ে উল্লেখনীয় বৰঙণি আগবঢ়াব বুলি তেওঁ আশা কৰে৷  জিচিএফচিৰ সঞ্চালক কৌস্তৱ চক্ৰৱৰ্তীয়ে কয় যে পৰৱৰ্তী এবছৰ জিচিএফচিয়ে ৰাজ্যৰ প্ৰতিভাৱান শিশু আৰু যুৱ খেলুৱৈৰ সন্ধান আৰু মঞ্চ প্ৰদানৰ বাবে গ্ৰাছৰুট্‌ছ প্ৰকল্পত আত্মনিয়োগ কৰিব৷