কলকাতাৰ হাতত বিধ্বস্ত বাঙ্গালুৰু

In ক্ৰীড়াংগন

বাঙ্গালুৰু, ৯ মেঃ দশম আই পি এলত নাইট ৰাইডাৰ্ছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰক ছয় উইকেটত পৰাস্ত কৰে। সুনীল নাৰিনে মেছখনত বিস্ফোৰক বেটিঙে আই পি এলত দ্রুততম অর্ধশতক অর্জন কৰা দ্বিতীয়জন বেটমেনৰ খিতাপ অৰ্জনৰ লগতে নাইট ৰাইডাৰ্ছক সহজ জয়ত সহায়  কৰে। কেৰিবিয়ান তাৰকাগৰাকীয়ে কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ আকর্ষণীয় বলিং কৰাৰ পিচত মাত্র ১৫ টা বলত অর্ধশতক সম্পূর্ণ কৰে। জয়ৰ বাবে প্রয়োজনীয় ১৫৯ ৰান কলকাতাই ১৫.১ অ’ভাৰত চাৰিটা উইকেট হেৰুৱাই সংগ্ৰহ কৰি লয়। আঘাতমুক্ত হৈ উভতি অহা ক্ৰিছ লীন আৰু নাৰিনে পাৱাৰ প্লে’ অর্থাৎ প্রথম ৬ অ’ভাৰত ১০৫ ৰান সংগ্রহ কৰে, যিটো আই পি এলৰ ইতিহাসত পাৱাৰ প্লেৰ সর্বাধিক ৰান। নাৰিনে ১৭ টা বলত ৫৪ ৰান কৰি উভতি যায়। তেওঁ ছটা বাউণ্ডেৰী আৰু চাৰিটা ছিক্সাৰ কোবায়। ১৫ টা বলত অর্ধশতক সম্পূর্ণ কৰি নাৰিনে আই পি এলত দ্রুততম অর্ধশতক অর্জন কৰাৰ ইউছুফ পাঠানৰ অভিলেখ স্পর্শ কৰে। ইউছুফে ২০১৪ ত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে ১৫ টা বলত কলকাতাৰ হৈ অর্ধশতক অর্জন কৰিছিল। নাৰিনৰ উপৰি লীনে ৫০ আৰু কলিন ডি গ্রেণ্ডহামে ৩১ ৰান সংগ্ৰহ কৰে। মেচখনত প্রথমে বেটিং কৰি ৰয়েল চেলেঞ্জাৰ্ছে ট্ৰেভিছ হেডৰ অপৰাজিত ৭৫ আৰু মনদীপ সিঙৰ ৫২ ৰানৰ সহায়ত ছটা উইকেটৰ বিনিময়ত ১৫৮ ৰান কৰে। নাইট ৰাইডাৰ্ছৰ হৈ উমেশ যাদৱে তিনিটা আৰু নাৰিনে দুটা উইকেট লাভ কৰে। নাৰিন মেন অব দা মেচ নির্বাচিত হয়।

Comments

comments

You may also read!

আক্ৰাছুৰ ২৪ ঘন্টীয়া অসম বন্ধত বিক্ষিপ্ত ঘটনা : চিৰাঙত মটৰ চাইকেল জ্বালালে বন্ধ সমৰ্থকে

চিৰাঙ, সংবাদ ৩৬৫, ২০ জুলাইঃ আক্ৰাছুৰ ২৪ ঘন্টীয়া অসম বন্ধত চিৰাঙত সৰ্ব্বাত্মক প্ৰভাৱ। ঠায়ে ঠায়ে বাইক জ্বলাই, মটৰ চাইকেল

Read More...

উৎকট গৰমৰ ফলত শ্ৰেণীকোঠাতে ঢলি পৰিল হোজাই মৰিয়ম আজমল মহিলা বিদ্যালয়ৰ ২১ গৰাকী ছাত্রী

হোজাই, সংবাদ ৩৬৫, ২০ জুলাই: পাঠদান চলি থকাৰ সময়তে হঠাৎ অচেতন হৈ পৰিল হোজাই মৰিয়ম আজমল মহিলা মহাবিদ্যালয়ৰ দ্বাদশ

Read More...

দেশৰ সুৰক্ষাৰ বাবে নিয়োজিত সেনা এইবাৰ সোন চুৰি কাণ্ডত জৰিত

শোণিতপুৰ, সংবাদ ৩৬৫, ২০ জুলাই: সেনা বাহিনীৰ বিষয়া সোণ ব্যৱসায়ৰ লগত জৰিত হোৱা ঘটনা পোহৰলৈ আহিল শোনিতপুৰ জিলাৰ অসম

Read More...

Mobile Sliding Menu