বাহুৱলী ছবিখনত নাম শীৰ্ষক চৰিত্ৰত অভিনয় কৰা অভিনেতা প্ৰভাস সকলো যুৱতীৰ সপোনৰ ৰাজকুমাৰ৷ প্ৰভাসৰ সুদৰ্শন চেহেৰা, আকৰ্ষণীয় শৰীৰ আৰু দক্ষ অভিনয়ে যুৱতী সকলৰ চকুৰ নিদ্ৰা হৰণ কৰিছে৷ প্ৰভাসক এবাৰ লগ পোৱাৰ আশাত মতলীয়া যুৱতীসকল৷ কিন্তু এই অভিনেতাজনৰ ব্যক্তিগত জীৱনৰ পছন্দ মহিলা গৰাকী কোন জানিবলৈ মন নাযায়নে৷ প্ৰায় ৬০০০ যুৱতীৰ প্ৰেম প্ৰত্যাখান কৰা প্ৰভাসৰ ব্যক্তিগত জীৱনৰ পছন্দ মহিলা গৰাকী বিষয়ে জানিবলৈ সকলো উদগ্ৰীৱ৷ প্ৰভাস পছন্দৰ মহিলাগৰাকী বলিউডৰ মোহময়ী অভিনেত্ৰী দীপিকা পাদুকন৷ দীপিকাৰ প্ৰেমত মতলীয়া বাহুৱলী৷ এই প্ৰেম দীৰ্ঘদিনীয়া৷ দীপিকাৰ লগত এখন ছবিত একেলগে কাম কৰাৰ ইচ্ছাও আছে প্ৰভাসৰ৷ এক ব্যক্তিগত সাক্ষাৎকাৰত অভিনেতাজনে এই কথা স্বীকাৰ কৰিছে৷ অৱশ্যে, দীপিকায়ো নাজানে বাহুৱলীৰ এই গোপন প্ৰেমৰ কথা৷ বাহুৱলীত সৱল অভিনয়ৰ জৰিয়তে কোটি কোটি যুৱতীৰ সপোনৰ ৰাজকুমাৰত পৰিণত হোৱা প্ৰভাসে অভিনেত্ৰী দীপিকা পাদুকনৰ প্ৰতি থকা গোপন প্ৰেমৰ কথা স্বীকাৰ কৰাৰ পিছতে দীপিকা এইসকল যুৱতীৰ ঈৰ্ষাৰ কাৰণ হৈ পৰিছে৷