ৰঙিয়া, ২০ ছেপ্টেম্বৰঃ ৰঙিয়াত নিশা ধাবাত চলে চৰকাৰী কাৰ্যালয়ৰ কাম। মঙলবাৰে নিশা ৰঙিয়াৰ এখন ধাবাত বাক্সা জিলাৰ পঞ্চায়তৰ নথি-পত্ৰ উদ্ধাৰ হয়৷ প্ৰাপ্ত তথ্য মতে, নিশা ডিআৰডিএৰ বিষয়া আৰু কৰ্মচাৰীয়ে ৰঙিয়াৰ এখন ধাবাত বিভাগীয় নথি-পত্ৰ আৰু পঞ্জীয়ন বহীলৈ কাম কৰি থকা সময়ত সাংবাদিকৰ এটা দল ধাবাখনত উপস্থিত হয়৷ সাংবাদিকক দেখি চৰকাৰী বিষয়া-কৰ্মচাৰীকেইজন ধাবাৰ পৰা পলায়ন কৰে৷ জানিব পৰা মতে পলায়ন কৰা চৰকাৰী বিষয়াজন বাক্সা জিলাৰ  ডিআৰডিএৰ অভিযন্তা নগেন কলিতা। বিষয়াজনে চৰকাৰী গাড়ীত বিভাগীয় নথি-পত্ৰসহ কাৰ্যালয়টোৰ একাংশ বিষয়া-কৰ্মচাৰীৰ লগতে নিৰ্দিষ্ট ঠিকাদাৰ কেইজনমানক লৈ ধাবাখনত সুৰাপান কৰে আৰু বিভিন্ন আঁচনিৰ কাম-কাজৰ বিল বনায়। বিভাগীয় আঁচনিৰ ধন আত্মসাৎ কৰাৰ উদ্দেশ্যে বিষয়াজনে দিনৰ ভাগত কাৰ্যালয়ত কাম কৰাৰ পৰিবৰ্তে নিশা অতি সংগোপনে ধাবাত কাম কৰা বুলি অভিযোগ উত্থাপন হৈছে।