ডিগবৈৰ পৰা বিজয় সূত্রধৰ, ১৩ ডিচেম্বৰ: ডিগবৈ তেল শোধনাগাৰৰ এন টি এফ নিউ টেংক ফাৰ্মত আজি সংঘটিত এক শোকাৱহ দুৰ্ঘটনাত ১ জন শ্ৰমিক থিতাতে নিহত হোৱাৰ লগতে আন ৪ জন শ্ৰমিক গুৰুতৰভাৱে আহত হয়৷ ঠিকাদাৰ বাবলু গুপ্তাৰ এ এন জেদ ইণ্টাৰপ্ৰাইজৰ ৯ গৰাকীকৈ শ্ৰমিকে আজি দিনৰ ভাগত উক্ত এলেকাটোত পকী ৱাল গাঠি থকাৰ সময়তে পাহাৰ খহি ৫ জনকৈ শ্ৰমিক মাটিত পোত যায়৷ ইয়াৰে ধনঞ্জয় বৰুৱা নামৰ শ্ৰমিকজনৰ থিতাতে মৃত্যু ঘটে৷ আন চাৰিজন শ্ৰমিক ক্ৰমে মনজিত বৰুৱা, শল্য বৰুৱা, উপেন উৰাং আৰু নৰেন উৰাং গুৰুত্বৰভাবে আহত হৈ সম্প্ৰতি ডিগবৈ এ অ ডি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে৷ আন চাৰিজন শ্ৰমিক ক্ৰমে অভিজিৎ মৰাণ, কমল গগৈ,  সুৰেচ ৰাই আৰু সুৰজ বৰা কিছু পৰিমানে আঘাত প্ৰাপ্ত হয়৷ কণ্ট্ৰেকচুৱেল লেবাৰ ইউনিয়নে ঘটনাত দুখ প্ৰকাশ কৰাৰ লগতে নিহত ধনঞ্জয় বৰুৱাৰ পৰিয়াল বৰ্গলৈ ১ কোটি টকাৰ এককালীন সাহাৰ্য্য আৰু আহত সকলক ৫ লাখকৈ এককালীন সাহাৰ্য্য প্ৰদান কৰিবলৈ শোধনাগাৰ কৰ্তৃপক্ষক আৰু কংট্ৰেক্টৰক দাবী জনাই। যদিহে উন্নয়নৰ দাবী সমূহ মানিলোৱা নহয় তেন্তে শোধনাগাৰ বন্ধ কৰাৰ কথা জানিবলৈ দিয়ে।