ডিমৌ, ১৩ ডিচেম্বৰ: এক নৃশংস, অমানৱীয় ঘটনাই জোকাৰিছে শিৱসাগৰ। মঙ্গলবাৰে, শিৱসাগৰ জিলাৰ ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত ৰাজমাই চাহ বাগিচাৰ শেনচোৱা শাখাৰ ১০ নং লাইনৰ সমীপত এজন অচিনাক্ত যুৱকৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰ কৰা হয়। বাগিচাখনৰ নলাত পেলাই থোৱা অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটোৰ কাষত দুটাকৈ ইন’ভা গাড়ীৰ চিট ক’ভাৰ উদ্ধাৰ কৰা হৈছে। পিন্ধনত নীলা ছাৰ্ট, ৰঙা স্পৰ্টিং আৰু বগা লং পেণ্ট পৰিহিত যুৱকজনৰ শৰীৰত চোকা অস্ত্ৰৰ আঘাত স্পষ্ট দেখা গৈছে। যুৱকজন বোকাখাত পলাশগুৰিৰ সুশীল দলেৰ পুত্ৰ সদাগৰ দলে(২৩) বুলি জানিব পৰা গৈছে। এয়া এক হত্যাকাণ্ড বুলি সকলোৰে ধাৰণা কৰিছে। ঘটনাস্থলীত ডিমৌ আৰক্ষীৰ এটা দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। উক্ত মৃতদেহটো গাড়ীচালকৰ বুলি নিশ্চিত কৰিছে আৰক্ষীয়ে। চালকজনে বোকাখাতৰ পৰা শিৱসাগৰলৈ বুলি AS-01DD-0090 ইন’ভা বাহনখনেৰে ভাড়াত আহিছিল বুলি নিশ্চিত হৈছে। আৰক্ষীয়ে কোনো গাড়ী চোৰ চক্ৰই চালকজনক হত্যা কৰি ডিমৌৰ ৰাজমাই বাগিচাৰ ভিতৰত পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে। এই নৃশংস ঘটনাৰ পিছত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত। ইতিমধ্যে ডিমৌ আৰক্ষীয়ে প্ৰাথমিক তদন্ত আৰম্ভ কৰি ঘটনাৰ মূল কাৰণ অথবা এই ঘটনাত জড়িত অপৰাধীক কৰায়ত্ত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।