গুৱাহাটী, ২৪ অক্টোবৰঃ অৰুণাচল প্রদেশক দুঃসাহসিক ক্রীড়া আৰু ইক’ টুৰিজমৰ কেন্দ্ৰৰ ৰূপত সংবর্ধন কৰি ডালমিয়া চিমেণ্টে উত্তৰ পূব ভাৰতৰ প্ৰথম মাউণ্টেইন টেৰেইন বাকিঙ(এমটিবি) ৰেচৰ আয়োজন কৰিছে, যাক হৰ্ণবিল ফ্লাইট বুলিও কোৱা হয়৷ মেচুকত ১৪ অক্টোবৰত উদ্বোধন কৰা সাতদিনীয়া চাইকেল অভিযান ২০ অক্টোবৰত ইটানগৰত সামৰণি পৰে। সামৰণি অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্রী প্রেমা খাণ্ডুৰ লগতে কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ডালমিয়া চিমেণ্টৰ ক’ৰ্পৰেট এফেয়াৰ আৰু ক’ৰ্পৰেট যোগাযোগৰ কাৰ্যবাহী সঞ্চালক সুন্দীপ কুমাৰে এই সন্দৰ্ভত কয় যে, উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰধান পর্যটনৰ কেন্দ্ৰৰ অন্যতম এটা কেন্দ্ৰ হিচাপে অৰুণাচল প্ৰদেশৰ বিশাল সম্ভাৱনা আছে। ৰাজ্যখন প্রাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ আৰু ডালমিয়া চিমেন্টে এই চাইকেল অভিযানেৰে ৰাজ্যখনৰ সৌন্দৰ্য্যৰ উপৰি পৰিবেশ পৰ্য্যটনৰ সংবর্ধনত আগুৱাই আহিছে৷ ভাৰত, জার্মানী, পর্তুগাল, নেপাল আৰু চেক গণৰাজ্যৰ ৭০ জন ৰাইডাৰৰ লগতে ডালমিয়া চিমেণ্টৰ ৫ ৰাইডাৰে এই অভিযানত অংশগ্রহণ কৰে। এই অভিযানে অৰুণাচল প্ৰদেশৰ ইক’ টুৰিজমৰ ৰূপত মাউণ্টেইন বাইকিঙৰ ব্যৱহাৰ্য্যতা পৰীক্ষা কৰিবলৈ ৭৩০ কিঃমিঃ দূৰত্ব সামৰি লয়। অভিযানৰ সময়ত বাইকার্চে জিৰ’ত অৱস্থান কৰি ১০০জন দুখীয়া ছাত্র-ছাত্রীক ষ্টেচনাৰী আৰু অধ্যয়নৰ সামগ্রী যেনে অভিধান আৰু এনচাইক্লপেডিয়া আদি বিতৰণেৰে দীপাৱলী উদযাপন কৰে৷ ডালমিয়া ভাৰত গ্রুপৰ পৰিচালন সঞ্চালক পুৰ্ণীত ডালমিয়াই এই পদক্ষেপ সন্দৰ্ভত কয় যে, আমি ডালমিয়াই দেশৰ বৃদ্ধি আৰু বিকাশত অৱদান আগবঢ়োৱাত বিশ্বাস কৰো আৰু উত্তৰ পূবৰ প্ৰত্যেক বিকাশত সহায় কৰাটো আমাৰ ভৱিষ্যদৰ্শনৰ এটা অংশ। চাইকেল অভিযানৰ মাধ্যমে অধিক পর্যটকক ৰাজ্যখন ভ্ৰমণ কৰিবলৈ আগ্রহী কৰিব বুলি আমাৰ বিশ্বাস৷ বিজেতাসকলক মুখ্যমন্ত্রীয়ে৷ বিভিন্ন শ্রেণীত বঁটা প্ৰদান কৰে। পর্তুগালৰ ইলদা পেৰেইৰাই মহিলাৰ মুকলি দৌৰত আৰু ভাৰতীয় সেনাৰ মুকেশ কুমাৰ পুৰুষৰ শ্রেণীত বিজয়ী হয়। প্রত্যেককে ১ লাখ নগদ ধনৰে পুৰস্কৃত কৰা হয়। আনহাতে নেপালৰ পুনমী ৰাণাই আটাইতকৈ প্রতিশ্রুতিসম্পন্ন ৰাইডাৰ হিচাপে ১ লাখ টকাৰ নগদ ধন লাভ কৰে। মুকেশ কুমাৰে বেষ্ট ইণ্ডিয়ান ৰাইডাৰ আৰু মাৰ্চিলিনা চাংমা আৰু ৰামলাল ৰেছাইলিয়ে প্রতিকূল অৱস্থাৰ অধীনত প্রদর্শন কৰাৰ বাবে বঁটা বিজয়ী হয়, প্ৰথমতে কৰ্কট আৰু পিছত পেৰা এথলেট হিচাপে।