মানিকপুৰ, ২৬ জুনঃ বঙাইগাঁৱৰ সৰভোগ বিদ্যুৎ উপ-সংমণ্ডলৰ অন্তৰ্গত মানিকপুৰৰ বিভিন্ন অঞ্চলৰ লগতে কোকিলা গাওঁ পঞ্চায়তত বিদ্যুৎ সেৱাৰ নামত ল’ৰা-ধেমালি কৰিছে কৰ্তৃপক্ষই। কোকিলাত বিদ্যুৎ বাহী খুঁটাৰ সলনি বাঁহ-কাঠৰ টুকুৰাৰে বিদ্যুৎ যোগান দি আছে। আনকি কোকিলা দক্ষিণ পাৰাত ৰাইজে ঠিকাদাৰৰ পৰা তাৰ কিনি আনি বাঁহ-কাঠৰ খুঁটাৰে বিদ্যুৎ যোগানৰ ব্যৱস্থা কৰি লৈছে। পঞ্চায়তৰ বিভিন্ন অঞ্চলত পথৰ দাঁতিত থকা বিদ্যুৎ টেন্সফৰ্মাৰ বিভাগে কোনো নিৰাপদ ব্যৱস্থা নকৰি উন্মুক্ত অৱস্থাত ৰাখিছে। অঞ্চলটোত বিদ্যুত নথকাটো যেনেকৈ নিয়মিত ঘটনা, তেনেদৰে কৰবাত তাঁৰ ছিঙি গ’লে বা নষ্ট হ’লে বিভাগীয় বিষয়া কৰ্মচাৰীক বিচাৰি পোৱা নাযায়। ৰাজীৱ গান্ধী বৈদ্যুতিক আঁচনিৰ যেন এয়াই বাস্তৱ ৰূপ।