দিছপুৰ, ৩ জুলাইঃ গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ১৭ বছৰৰ অনুর্ধ ফিফা বিশ্বকাপ২০১৭ৰ ষ্টিয়াৰিং কমিটীৰ প্ৰথম বৈঠক জনতা ভৱনৰ মুখ্যমন্ত্রীৰ সভাকক্ষত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত হয়। বৈঠকত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ফিফা বিশ্বকাপৰ খেল সমূহৰ প্ৰস্তুতিৰ পুংখানুপুংখ পর্যালোচনা কৰাৰ লগতে বিশ্বকাপৰ প্ৰস্তুতিৰ লগত জড়িত বিভিন্ন আনুসংগিক বিভাগসমূহৰ ভূমিকা আৰু দায়িত্ব ইত্যাদি সৰ্ম্পকেও আলোচনা কৰা হয়। গুৱাহাটীৰ ইন্দিৰা গান্ধী আন্তর্জাতিক এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ ৯ খন খেলৰ প্ৰস্তুতি সম্পর্কেও বিস্তৃতভাৱে আলোচনা কৰা হয়। ইয়াৰ লগতে লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা সৰুসজাই ষ্টেডিয়ামলৈ ষ্ট্ৰীট লাইটৰ ব্যৱস্থা, আৱৰ্জনা নিস্কাষণ, সৌন্দৰ্যবৰ্দ্ধন, সুৰক্ষামূলক ব্যৱস্থা তথা ফুটবল প্ৰেমীৰ বাবে কৰিবলগীয়া অন্যান্য সা-সুবিধা সমূহৰ বিষয়েও বিস্তৃতভাৱে পর্যালোচনা কৰা হয়। বৈঠকত অংশ গ্রহণ কৰি ফিফাৰ কর্মকর্তা, ফিফা টুৰ্ণামেন্ট সঞ্চালক জেভিয়াৰ চেপ্লি আৰু ভেনু সঞ্চালক ৰােমা খান্নাই এই খেলসমূহ অনুষ্ঠিতকৰণৰ বাবে চলাই থকা বর্তমান প্রস্তুতিৰ ওপৰত সন্তোষ প্রকাশ কৰে। বৈঠকতে গুৱাহাটীত ৩১ আগষ্টৰ পৰা ৫ ছেপ্তেম্বৰলৈ ৰাজহুৱা দৰ্শনৰ বাবে থাকিবলগীয়া ১৭ বছৰৰ অনুৰ্ধৰ ফিফা বিশ্বকাপৰ ট্ৰফীৰ সুৰক্ষাৰ বাবে যাৱতীয় সকলো সুৰক্ষামূলক ব্যৱস্থা লোৱাৰ বাবেও সিদ্ধান্ত গ্রহণ কৰা হয়। উল্লেখ্য যে ১৭ বছৰৰ অনুর্ধ ফিফা বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেল আৰু ছেমি ফাইনেলসহ সর্বমুঠ ৯ খন খেল গুৱাহাটীত অনুষ্ঠিত হ’ব। আনহাতে, আন এখন বৈঠকত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে গুৱাহাটীত অহা ১৯ নৱেম্বৰৰ পৰা ২৬ নৱেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া এআইবিএ ওমেনছ ইয়ুথ ৱ’ল্ড বক্সিং চেম্পিয়নশ্বিপৰ প্ৰস্তুতিৰাে পর্যালোচনা কৰে। নৱেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া এই বক্সিং চেম্পিয়নশ্বিপ অসম চৰকাৰ আৰু বক্সিং ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ উদ্যোগত অনুষ্ঠিত হ’ব। প্রতিযোগিতাত ২০০ খন দেশৰ ৩০০ গৰাকী মুষ্টি যোদ্ধাৰ উপৰি ১৫০ গৰাকী কর্মকর্তাই অংশগ্রহণ কৰিব। মুখ্যমন্ত্রীয়ে প্রতিযোগিতাৰ বাবে সুৰক্ষা ব্যৱস্থা, থকা মেলাৰ সা-সুবিধা, আতিথ্য, বিত্তকে ধৰি বিভিন্ন বিষয়ক পর্যালোচনা কৰি প্রতিযোগিতাখন সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱাৰ আস্বাস দিয়ে। পর্যালোচনামূলক বৈঠকত বিত্ত মন্ত্রী হিমন্ত বিশ্ব শৰ্মা, ক্রীড়া আৰু যুৱ কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্রী নৱ কুমাৰ দলে, মুখ্য সচিব বিনোদ কুমাৰ পিপাৰচেনীয়া, আৰক্ষী সঞ্চালক প্রধান মুকেশ চাহায়কে ধৰি সাধাৰণ প্রশাসন, আৰক্ষী প্রশাসন আৰু স্পৰ্টছ অথৰিটি অৱ ইণ্ডিয়াৰ শীর্ষ বিষয়াই অংশগ্রহণ কৰে৷