বাঙ্গালুৰু, ১৯ মেঃ এম চিন্নস্বামী ষ্টেডিয়ামত আজি নিশা ৮ বজাত অনুষ্ঠিত হ’বলগীয়াৰ অঘোষিত ছেমি ফাইনেল হিচাপে বিবেচিত হৈছে দশম আই পি এলৰ দ্বিতীয়খন কোৱালিফায়াৰ। কিয়নো ইয়াত জয়ী হােৱা দলটােৱে ফাইনেলত ৰাইজিং পুনে ছুপাৰজায়েণ্টৰ সন্মুখীন হ’ব। আজিৰ এই মেচত কলকাতাৰ মুখামুখি হ’ব মুম্বাই৷ লীগ পর্বত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে দুখন খেলাত দুয়ােবাৰেই পৰাস্ত হৈছিল নাইট ৰাইডাৰ্ছ। ৱাংখেড়ে ষ্টেডিয়ামত চাৰি উইকেটত পৰাস্ত হোৱাৰ পিচত কলকাতাৰ দলটাে ইডেন গার্ডেনত ৯ ৰানত পৰাজিত হৈছিল। উক্ত দুখন মেচৰ ফলাফলে মুম্বাই ইণ্ডিয়ানছক মানসিকভাৱে আগবঢ়াই ৰাখিলেও এলিমিনেটৰৰ বিজয়ে আত্মবিশ্বাস বঢ়াইছে কলকাতাৰ। গম্ভীৰৰ নেতৃত্বাধীন দলটােৱে লীগ মেচৰ পৰাজয়ৰ পোটক তুলি ফাইনেলত প্রৱেশ কৰিবলৈ ব্যগ্ৰ হৈ আছে। সুনীল নাৰিনক ট্রাম্প কার্ড হিচাপে ব্যৱহাৰ কৰা গম্ভীৰৰ আশা ক্ৰিছ লীন, ৰবীন উথাপ্পা আৰু মনীষ পাণ্ডেক লৈ। বলিং দিশটােত নাথান কুল্টাৰ-নাইল, উমেশ যাদৱ আৰু কলিন ডি গ্রেগুহ’মে আশানুৰূপ প্রদর্শন আগবঢ়াবলৈ সক্ষম হৈছে। আনহাতে প্রথম কোৱালিফায়াৰত পৰাস্ত হ’লেও মানসিকভাৱে ভাগি পৰা নাই মুম্বাই ইণ্ডিয়ানছ। লীগৰ অন্তত শীর্ষস্থান দখল কৰা ৰােহিত শৰ্মা নেতৃত্বাধীন দলটােৱে কলকাতাক পুনৰ পৰাস্ত কৰি ফাইনেললৈ অগ্ৰসৰ হ’বলৈ সাজু হৈছে। লেণ্ডন ছিমনছ, পাৰ্থিৱ পেটেল আৰু কাইৰন পোলার্ডৰ লগতে সুন্দৰ ফৰ্মত আছে পাণ্ডিয়া ভাতৃদ্বয়। বলিং দিশটােত লাছিথ মালিংগা, মিচেল মেকক্লানাঘািন, যশস্ত্রীত বুমৰাহ আৰু হৰভজন সিঙে সুন্দৰ ভাৰসাম্য অক্ষুন্ন ৰাখিছে।