হাইলাকান্দি, ৬ আগষ্টঃ অসম ইলেকট্ৰনিক মিডিয়া স্পৰ্টছ জাৰ্ণেলিষ্ট এছ’চিয়েছনে সদৌ অসম আন্তঃসংবাদ মাধ্যম ফুটবলত চেম্পিয়ন খিতাপ অৰ্জন কৰিছে। হাইলাকান্দিত অনুষ্ঠিত মিডিয়া ফুটবলৰ ফাইনেলত ইলেকট্ৰনিক মিডিয়া স্পৰ্টছৰ জাৰ্ণেলিষ্ট দলে উদ্যোক্তা বাকছ দলক ৫-২ গ’লত পৰাস্ত কৰে। ফাইভ-এ-ছাইড ফুটবলৰ তিনিখন খেলত গুৱাহাটীৰ দলটোৱে মুঠ ২৩ টা গ’ল কৰে। কোৱাৰ্টাৰ ফাইনেলত হাইলাকান্দিক ১১-২ গ’লত পৰাস্ত কৰা গুৱাহাটীৰ দলটোৱে ছেমি ফাইনেলত কৰিমগঞ্জ প্ৰেছ ক্লাৱক ৭-১ আৰু ফাইনেলত বৰাক ভেলী দলক ৫-২ গ’লত পৰাজিত কৰে। অসম ইলেকট্ৰনিক মিডিয়া স্পৰ্টছ জাৰ্ণেলিষ্ট দলৰ অধিনায়ক গ’লকীপাৰ কিশোৰ তালুকদাৰে মেন অৱ দা ছিৰিজ বঁটা লাভ কৰে। গুৱাহাটীৰ প্ৰণৱজ্যোতি দাস ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয়। আনহাতে বিপুল বৰ্মনে প্ৰতিযোগিতাত ৫টা গ’ল কৰে। উদ্যোক্তা সকলে অসম ইলেকট্ৰনিক মিডিয়া স্পৰ্টছ জাৰ্ণেলিষ্ট সন্থাৰ সভাপতি জয়ন্ত দাস আৰু সাধাৰণ সম্পাদক বিপুল বৰ্মনক সম্বৰ্ধনা জনায়। প্ৰাক্তন বিধায়ক ৰাহুল ৰয়, জিলা আৰক্ষী অধীক্ষক প্ৰণৱজ্যোতি গোস্বামী আৰু প্ৰাক্তন খেলুৱৈ সুবীৰ ঘোষে বঁটা বিতৰণ কৰে ।