গ্ৰীষ্ম আগমণৰ লগে লগে ছালৰ বিভিন্ন সমস্যাই দেখা দিয়ে৷ গৰমৰ দিনত তৈলাক্ত ছালৰ যত্ন বেছিকৈ ল’ব লাগে। কাৰণ গৰমত ছালখন খুব বেছি তেলেতীয়া হৈ থাকে। এনেস্থলত শালমইনাৰ সৃষ্টি হয়। নোমছিদ্ৰসমূহ ডাঙৰ হয়। ফলত বয়সিয়াল আৰু লেতেৰা লাগে। ব্লেক হেডছে আদিয়ে বেছিকৈ দেখা দিয়ে৷ গৰম দিনত ছালৰ এই তৈলাক্ত ভাব কমাবলৈ কিছুমান ঘৰুৱা ফ্ৰেছপেকৰ বিধান তলত দিয়া হ’ল-

দৈ আৰু নেমু ৰসৰ মিশ্ৰণঃ দৈ আৰু নেমু ৰসৰ মিশ্ৰণ মুখত ২০ মিনিট লগাই ধুই দিব লাগে৷ দৈ আৰু নেমু ৰসে ছালক মশ্বৰাইজ কৰে৷ দৈয়ে মুখৰ উজ্বলতা বৃদ্ধি কৰে৷ নেমু ৰসত ভিটামিন চি থাকে৷ ভিটামিন চি য়ে ছালক ইউ ভি ৰশ্মিৰ পৰা হোৱা অপকাৰত বাধা দিয়ে৷

মুলতানী মাটি, গোলাপ জল আৰু নেমু ৰসৰ মিশ্ৰণঃ তৈলাক্ত ছালৰ বাবে আন এটা উপকাৰী পেক হৈছে, মুলতানী মাটি, গোলাপ জল আৰু নেমু ৰসৰ মিশ্ৰণ৷ মুলতানী মাটি তৈলাক্ত ছালৰ বাবে গড গিফ্ট৷

বেচন, দৈ আৰু নেমুৰ মিশ্ৰণঃ বেচন, দৈ আৰু নেমুৰ ৰসৰ মিশ্ৰণে ছালক পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে৷ দৈৰ সলনি এই মিশ্ৰণত গোলাপ জলো ব্যৱহাৰ কৰিব পাৰি৷

মচুৰ দাইল, গাখীৰ আৰু মৌৰ মিশ্ৰণঃ মচুৰ দাইল প্ৰথমতে গাখীৰত তিয়াই কোমল কৰি ল’ব লাগে৷ কোমল মচুৰ দাইলখিনি ভালদৰে পিহি মৌ লগত মিলাই মুখত ১৫-২০ মিনিট সময় লগাব লাগে৷ এই মিশ্ৰণে ছালৰ ক’লা দাগৰ সমস্যাৰ পৰা ৰক্ষা কৰাৰ লগতে ছালৰ তৈলাক্ত দূৰ কৰাত সহায় কৰে৷

গ্ৰীষ্ম কালত ছালৰ ক্লিনজিঙত গুৰুত্ব আৰোপ কৰিব লাগে৷ তৈলাক্ত ছালৰ বাবে সদায় অইল ফ্ৰি ক্লিনজাৰ ব্যৱহাৰ কৰিব লাগে৷ ফ্ৰেছপেক ১৫-২০ মিনিট সময় ৰাখিব লাগে৷ মুখখন ধোৱাৰ আগত ফ্ৰেছপেকটো ভালদৰে শুকাইছেনে পৰীক্ষা কৰি ল’ব লাগে৷

প্লাৱিতা শৰ্মা বৰুৱা

ঢেকিয়াল চাৰিআলি, গোলাঘাট