গেছট্ৰাইটিছ বা গেছটিক বৰ্তমান সময়ত সকলোৰে সঘনে হোৱা ৰোগ৷ কিশোৰীৰ পৰা বৃদ্ধজনলৈ সকলো বয়সৰ লোক গেছট্ৰাইটিছত কম-বেছি পৰিমানে আক্ৰান্ত হোৱা পৰিলক্ষিত হয়৷ গেছট্ৰাইটিছ মূল লক্ষণসমূহ হৈছে-ভোক কমি অহা, ওকালি অহা, বমি, মূৰবিষ, পেটৰ ওকত-পাকত আৰু পেটৰ বিষ ইত্যাদি। ইয়াৰ আন উপসৰ্গ কিছুমান হৈছে নিশাহত দূৰ্গন্ধ, জিভাত বগা চামনি পৰা, সোৱাদ নোপোৱা বা মুখখন তিতা-তিতা লাগি থকা, লেলাউটি বেচিকৈ ওলোৱা, প্ৰাসাৱ কমকৈ হোৱা, গাটো সহজ অনুভৱ নোহোৱা, মানসিকভাবে হতাশাত ভোগা, পায়খানা সাধাৰণ অৱস্থাতকৈ ঢিলা বা কঠিন হোৱা আদি। কিছুমান পুৰণি গেছট্ৰাইটিছত ৰোগীৰ হৃদপিণ্ডৰ ওচৰত জ্বলা-পোৰা কৰে, আহাৰ খোৱাৰ পিচত তলপেট গেঠেলা মাৰি ধৰা যেন লাগে।

গেছট্ৰাইটিছ ঘৰুৱা চিকিৎসাৰ কিছু উপশম হৈছেঃ

(১) নাৰিকলৰ পানীয়ে গেছট্ৰাইটিছত উত্তম কাম কৰে। ই পাকস্থলীক প্ৰয়োজনীয় জিৰণি দিয়ে, ভিটামিন আৰু মিলাৰেলৰ উচিত যোগান ধৰে। আক্ৰান্ত পাকস্থলীয়ে পুনৰ আগৰ ভাল অৱস্থালৈ ঘূৰি আহিব পাৰে যদি দিনটোত এবাৰ নাৰিকলৰ পানী খোৱা হয়।

(২) ভাত ঘেলঘেলিয়াকৈ বনোৱা মণ্ড একাপকৈ যদি দিনে দুবাৰ খাব লাগে।  কেঁচা আলু ৰস খালেও সুফল পোৱা যায়। কেঁচা আলু ৰস আহাৰ খোৱাৰ আধা ঘন্টা আগতে আধাকাপকৈ দিনে ২-৩ বাৰ খাব লাগে।

(৩) বাকলিসহ নহৰু কম জুইত তেল নিদিয়াকৈ ভাজি বাকলি এৰুৱাই ভালকৈ চোবাই খোৱাৰ পিছত এগিলাচ পানী খাব লাগে।

(৪) পেটটোক জিৰণি দিবলৈ খাদ্যৰ সৈতে কেৱল গৰমপানীহে খাব লাগে। ই পেটৰ ভিতৰত হোৱা জ্বলনি-পোৰণিক ক্ষান্ত কৰাৰ লগতে পায়খানা খোলোচা কৰাত সহায় কৰে।

(৫) অতিকৈ কোষ্ঠকাঠিন্যতাত ভূগিলে গৰম পানীৰ এনিমা ল’ব লাগে।

(৬)গৰমপানী বটলত ভৰাই বা অন্য কিবা ব্যৱস্থাৰে পেটৰ ওপৰত গৰম সেক ল’ব লাগে। ই পেটৰ ভিতৰখনক উত্তেজিত কৰি পায়খানা খোলোচা হোৱাত সহায় কৰিব। পায়খানা খোলোচা হ’লে গেছট্ৰাইটিছ সমস্যা বহুখিনি সমাধান হয়।
(৭) গেছট্ৰাইটিছ ভোগা লোকে প্ৰণায়াম, যোগাসন, খৰকৈ খোজকাঢ়া, সাঁতোৰা আদি ব্যায়াম কৰিব লাগে। পৱনমুক্তাসন গেছট্ৰাইটিছৰ এটা উত্তম আসন।
(৮) দিনটোত কমেও ৮-১০ গিলাচ পানী খাব লাগে। আহাৰৰ সতে পানী খোৱাৰ অভ্যাস বাদ দি আহাৰৰ আগত বা আহাৰৰ আধা ঘন্টামান পিচতহে পানী খাৱ লাগে। আহাৰৰ সতে পানী খালে পানীয়ে আহাৰ হজম কৰা অম্লখিনিক পনীয়া কৰি দিয়ে আৰু আহাৰক উপঙাই দি হজমৰ প্ৰক্ৰিয়াক লেহেম কৰি তোলে।
(৯) আহাৰত শাক-পাচলি বৃদ্ধি কৰিব লাগে। ফলমূল, বাদামজাতীয় খাদ্য খাব লাগে। শাক-পাচলি কাটি কূহুমীয়া গৰম পানীত নিমখ দি অন্তত ২ ঘন্টা তিয়াই ৰখাৰ পিচত ভালকৈ ধুই বনাব লাগে।