কোনোবাই আনিবনে পুনৰ মুক্ত আকাশৰ তলতলৈ?
লৰ্জ্জা নিৰ্বাৰনে হৈছে মানৱ সভ্যতাৰ আদিপাঠ। আদিম যুগত লৰ্জ্জা নিৰ্বাৰণৰ বাবে মানুহে গছৰ পাত, জীৱ-জন্তুৰ ছাল পৰিধান কৰিছিল। সভ্যতাৰ ক্ৰমবিকাশত গছৰ পাত, জীৱ-জন্তুৰ ছালৰ পৰা আগুৱাই আহি মানৱ সভ্যতা কাপোৰলৈ অগ্ৰসৰ হৈছে।  খাবলৈ এবেলা নাথাকিলেও শৰীৰত কাপোৰ লাগিবই। কিন্তু যদি এগৰাকী ছোৱালী নিজ ঘৰতে উলংগ হৈ থাকে তেন্তে সেই ঘৰৰ মানুহ অৱস্থা কি হ’ব সেই কথা অনুভৱ কৰা কঠিন। এনে এক পৰিবেশৰ সম্মুখীন হ’ব লগাত পৰিছে এইখন অসমৰে হোজাই জিলাৰ এটা পৰিয়াল। নিজ ঘৰতেই উলংগ অৱস্থাত থাকে এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰী। পৰিয়ালে কাপোৰ পিন্ধিব দিলেও কাপোৰ পৰিধান নকৰে ছোৱালীজনীয়ে। বিগত তিনি মাহ ধৰি কাপোৰৰ পৰা আঁতৰি আছে ছোৱালীজনী। আচলতে বিগত তিনি মাহ ধৰি হোজাইৰ এই ছোৱালী জনী ভুগি আছে মানসিক অসুস্থতাত। ভৰিত ৰছী লৈ তিনি মাহ ধৰি বন্দীত্বৰ জীৱন কটাইছে এগৰাকী মানসিক বিকাৰগ্ৰস্ত সপ্তম শ্ৰেণীৰ ছাত্ৰী। হোজাই জিলাৰ লাচিত পথাৰৰ বেলতলা মধ্য ইংৰাজী বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰীগৰাকী ২৬ জানুৱাৰীৰ পৰা মানসিক ৰোগত আক্ৰান্ত হৈ ঘৰৰ ভিতৰতে গৃহবন্দী হৈ আছে। দুখীয়া অসহায় পিতৃ মাতৃয়ে অৰ্থৰ অভাৱত উপযুক্ত চিকিৎসা প্রদান কৰিব নোৱাৰাত ছোৱালীজনীক এইদৰে ঘৰৰ ভিতৰত আৱদ্ধ কৰি ৰাখিব লগা হৈছে। উপযুক্ত চিকিৎসা প্ৰদান কৰিবলৈ অক্ষম অভিভাৱকে কম খৰছৰ বিনিময়ত ছোৱালীজনীক প্ৰদান কৰি আছে কবিৰাজৰ চিকিৎসা। ভণ্ড বাবা আৰু বেজৰ পৰিবৰ্তে ছোৱালীজনীক ডাক্টৰী চিকিৎসাৰহে প্ৰয়োজন এই কথা অনুভৱ নকৰা অভিভাৱকে ছোৱালীজনীৰ ৰোগ অধিক জটিল কৰি তুলিব। এই দুৰ্ভাগীয়া পৰিয়াল তথা ছাত্ৰীগৰাকীৰ বেদনা ফেচবুকৰ জৰিয়তে প্ৰচাৰ  কৰি ধুবুৰীৰ ইলিয়াছ ৰহমান চৰকাৰ নামৰ এজন সমাজসেৱী যুৱকে চৰকাৰী বা কোনো বে-চৰকাৰী সন্থাক ছাত্ৰী জনীৰ চিকিৎসা ব্যৱস্থা কৰি উদ্ধাৰ কৰিবলৈ আহ্বান জনাইছে। ইলিয়াছৰ ফেচবুকৰ তথ্য  ওপৰত ভিত্তি কৰি এই বাতৰি প্ৰকাশ কৰা হৈছে। ছাত্ৰী গৰাকীৰ ভবিষ্যতৰ কথা চিন্তা কৰি এই প্ৰতিবেদনত নাম তথা ঠিকনা উল্লেখ কৰা হোৱা নাই। কোনো সদাশয় ব্যক্তি, চৰকাৰী তথা বেচৰকাৰী সন্থাই ছোৱালী গৰাকীক সহায় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে তেন্তে সংবাদ ৩৬৫ৰ ৭০০২৩৬৬৭৪ অথবা
ইলিয়াছ ৰহমান চৰকাৰক ৮৪০৪০১৬৬৩৩ নম্বৰত বিতং তথ্যৰ বাবে যোগাযোগ কৰিব পাৰে।