গোলাঘাটৰ পৰা চেমিম আলী, সংবাদ ৩৬৫, ২৩ এপ্ৰিলঃ নাগৰিকত্ব আইন ২০১৬ সংশোধনী বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সোমবাৰে গোলাঘাট জিলাত প্ৰতিবাদ সাব্যস্ত কৰে। গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নকৰা পৰ্যন্ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এই প্ৰতিবাদ অব্যাহত থাকিব বুলি প্ৰতিবাদী সকলে সকিয়াই দিয়ে। বাংলাদেশী প্ৰীতি বন্ধ কৰক, নৰেন্দ্ৰ মোদী লেই লেই চেই চেই, কেন্দ্ৰীয় চৰকাৰ মুদ্ৰাবাদ কেন্দ্ৰীয় চৰকাৰ হায় হায় বিভিন্ন শ্লগানেৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে পৰিবেশ উত্তাল কৰি তোলে।