হিৰণ্যময়ী বৰুৱা…অসমৰ সাহিত্য ক্ষেত্ৰৰ এক পৰিচিত নাম৷ হিৰণ্যময়ী বৰুৱা পিতৃ প্ৰয়াত কৃষ্ণ চন্দ্ৰ গগৈ আৰু মাতৃ লেখিকা প্ৰয়াত কুসুমবালা গগৈৰ কন্যা৷ জমিদাৰ পৰিয়ালত জন্ম লাভ কৰা হিৰণ্যময়ী বৰুৱাই সমাজ-পৰিয়ালৰ সকলো বাধাৰ প্ৰাচীৰ, নীতি-নিয়ম সৰোগত কৰি একমাত্ৰ নিজৰ স্থিৰ দৃঢ় প্ৰতিজ্ঞ স্বভাৱেৰে এক সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে৷ অৰ্থনৈতিক ভাবে স্বাৱলম্বী পৰিয়ালৰ সন্তান, বোৱাৰী তথা পত্নী হোৱাৰ পিছতো বৰুৱাই পৰিয়ালৰ পৰা আৰ্থিক সাহাৰ্য্য লোৱাৰ পৰিবৰ্তে নিজে বিভিন্ন কৰ্মৰে উপাৰ্জিত ধনেৰে নিজৰ প্ৰথমখন গ্ৰন্থ প্ৰকাশ কৰি উলিওৱাৰ পিছত প্ৰকাশ কৰিছে এখনৰ পিছত আনখন গ্ৰন্থ৷ সাহিত্য ক্ষেত্ৰখনত সুনাম অৰ্জন কৰা হিৰণ্যময়ী বৰুৱা এগৰাকী সফল অধিবক্তা তথা গৃহিণী৷ এনে এগৰাকী মহিলা সকলোৰে আদৰ্শ হোৱাৰ প্ৰয়োজন৷ হিৰণ্যময়ী বৰুৱাৰে সংবাদ ৩৬৫ৰ সাংবাদিক প্ৰণিতা বৰুৱাৰ আছুতীয়া সাক্ষাৎকাৰ কিছু অংশ পাঠক সমাজলৈ আগবঢ়োৱা হ’লঃ-

সংবাদ ৩৬৫ প্ৰতিনিধিঃ সাংস্কৃতিক দিশৰ প্ৰতি কেনেদৰে আকৃষ্ট হ’ল? সাংস্কৃতিক দিশতে নিজক প্ৰতিষ্ঠা কৰিম বুলি ভাবিছিল নে?

হিৰণ্যময়ী বৰুৱাঃ আমাৰ ঘৰখন সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত আছিল৷ মা লিখা-মেলাৰ লগত জড়িত আছিল৷ ময়ো গান গাই, নৃত্য কৰি ভাল পাইছিলো৷ এনেদৰে সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত হৈ পৰিছিলো৷ বিবাহৰ পিছত স্বামী লগত ময়ো তেওঁৰ কৰ্মৰ তাগিদাত বিভিন্ন স্থানত আছিলো৷ শিলছৰত থকা সময়ত মই সাহিত্য সভাৰ লগতে বিভিন্ন মেল-মিটিংত অংশ গ্ৰহণ কৰিছিলো৷ তাতে ৰেডিঅ’ৰ এটা অনুষ্ঠানো পৰিবেশন কৰো৷ শিলছৰ সাহিত্য সভাৰ প্ৰথমে উপ-সভানেত্ৰী আৰু পিছত উপদেষ্টা হিচাপে নিৰ্বাচিত হওঁ৷  শিলছৰত কলেজিয়েট হাইস্কুলত শিক্ষয়ত্ৰী হিচাপেও পাঠদান কৰাৰ লগতে ঘৰুৱা টিউছনো কৰো৷ ইয়াৰ পৰা উপাৰ্জন কৰা টকাৰে নিজাকৈ সু-প্ৰভাত নামৰ এখন কবিতা পুথি প্ৰকাশ কৰো৷ ই মোৰ আত্মবিশ্বাস বৃদ্ধি কৰিছিল আৰু সাংস্কৃতিক ক্ষেত্ৰখনৰ অধিক ওচৰ চপাই আনিছিল৷

সংবাদ ৩৬৫ প্ৰতিনিধিঃ সাংস্কৃতিক ক্ষেত্ৰখনক আপুনি আগবাঢ়ি যোৱাত পৰিয়াল তথা স্বামীৰ পৰা কেনেধৰণেৰে সহযোগ পাইছিল?

হিৰণ্যময়ী বৰুৱাঃ মোৰ স্বামী সাংস্কৃতিক দিশৰ প্ৰতি ইমান আকৃষ্ট নাছিল৷ স্বামী কৰ্মৰ তাগিদাত অধিক সময় ব্যস্ত আছিল৷ সাংস্কৃতিক দিশৰ প্ৰতি থকা মোৰ হাবিয়াসৰ কাৰণে মই সাহিত্য সভাৰ লগতে বিভিন্ন মেল-মিটিংত অংশগ্ৰহণ কৰিছিলো৷ সেই সময়ত মই স্বামীৰ লগত শিলছৰত আছিলো৷ তাতে বাংলা (ছিলেট) ভাষা শিকো৷ শিলছৰত থাকোঁতেই মই ৰেডিঅ’ৰ এটা অনুষ্ঠানো পৰিবেশন কৰো৷ ৰেডিঅ’ৰ মোৰ অনুষ্ঠানটো শুনি স্বামী আকৰ্ষিত হয়৷ ইয়াৰ পিছত মই শিলছৰ সাহিত্য সভাৰ প্ৰথমে উপ-সভানেত্ৰী আৰু পিছত উপদেষ্টা হিচাপে নিৰ্বাচিত হওঁ৷ শিলছৰত এখন বিদ্যালয়ত শিক্ষয়ত্ৰী হিচাপেও পাঠদান কৰাৰ লগতে ঘৰুৱা টিউছনো কৰো৷ ইয়াৰ পৰা লাভ কৰা টকাৰে মই নিজাকৈ সু-প্ৰভাত নামৰ এখন কবিতা পুথিও উলিয়াও৷ পিছলৈ বিভিন্ন গল্প, উপন্যাস, প্ৰৱন্ধ আদি ৰচনা কৰো৷

সংবাদ ৩৬৫ প্ৰতিনিধিঃ শিক্ষকতাৰ পৰা ওকালতি ক্ষেত্ৰখনৰ লগত কেনেকৈ জড়িত হ’ল?

হিৰণ্যময়ী বৰুৱাঃ শিক্ষকতাকেই পেছা হিচাপে ললোহেঁতেন৷ কিন্তু কপালৰ লিখন কোনেও খণ্ডন কৰিব নোৱাৰে বুলি কথা এফাঁকি আছে৷ স্বামী তেজপুৰলৈ বদলি হোৱাত ময়ো তেওঁৰ লগত তেজপুৰ আহো৷ তেজপুৰত ডনবস্ক হাইস্কুলত যোগদান কৰো৷ তাত থাকোতেই মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ তেজপুৰ আইন মহাবিদ্যালয়ত নামভৰ্ত্তি কৰোঁ৷ মই এচিএছো পাছ কৰিছিলো৷ কিন্তু সন্তান কেইটাৰ কথা চিন্তা কৰি সেই সুযোগ এৰি দিছিলো৷

সংবাদ ৩৬৫ প্ৰতিনিধিঃ কৰ্মব্যস্ততাৰ মাজত লেখা-মেলাৰ কাৰণে সময় কেনেদৰে উলিয়াই?

হিৰণ্যময়ী বৰুৱাঃ লেখা-মেলা কৰিবলৈ মোক কোনো নিদিষ্ট সময় নালাগে৷ নিৰৱ পৰিবেশ সৃষ্টি কৰি মই লেখাৰ কাম কৰো৷

সংবাদ ৩৬৫ প্ৰতিনিধিঃ আপুনি কেবাখনো আলোচনীৰ লগত জড়িত আৰু সমাজ সেৱক হিচাপেও পৰিচিত৷

হিৰণ্যময়ী বৰুৱাঃ মই উত্তৰ-পূৰ্বাঞ্চলৰ বহুভাষাৰ সৌজন্যত প্ৰকাশিত সাহিত্যলোচনী সপ্তৰ্ষি, অসমীয়া কবিতাৰ সংকলন জননী আৰু অকণিৰ শিশু সাহিত্যালোচনী অকণিৰ হাঁহিৰ প্ৰতিষ্ঠাপক মুখ্য সম্পাদক৷ ইয়াৰ উপৰি মই অসম সাহিত্য সভাৰ অজীৱন সদস্যা, অসম লেখিকা সন্থাৰ পৃষ্ঠপোষক, লেখিকা সমাৰোহ তেজপুৰ শাখাৰ সদস্যাৰ লগতে বিভিন্ন সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত৷ শেহতীয়াকৈ মই অসম কবি সন্মিলনীৰ সভাপতি হিচাবে নিৰ্বাচিত হৈছো৷

সংবাদ ৩৬৫ প্ৰতিনিধিঃ এগৰাকী সফল গৃহিনী হিচাপেও আপোনাৰ নাম আছে৷ সাংস্কৃতিক ক্ষেত্ৰ, সামাজিক কাম, চাকৰি আদি কৰ্মব্যস্ততাৰ মাজত আপুনি পৰিয়ালৰ কাৰণে কেনেদৰে সময় উলিয়াই? 

হিৰণ্যময়ী বৰুৱাঃ সময় উলিয়াৱলগীয়া হৈছে বুলি মই কোনোদিনে ভবা নাই৷ আচলতে এই সকলোবোৰ মোৰ কৰ্মখতিয়াৰ মাজত সোমাই পৰিছে৷ পুৱা শুই উঠাৰ পিছতে মই মোৰ দিনটোৰ কাৰ্যক্ৰমণিকাখন প্ৰস্তুত কৰি লওঁ আৰু সেইমতে কামসমূহ কৰি যাওঁ৷ মোৰ ডাঙৰ সন্তানটোৰ জন্মৰ এসপ্তাহৰ পিছতে মই মোৰ স্নাতক পৰীক্ষাত অৱৰ্তীণ হৈ সুখ্যাতিৰে উৰ্ত্তীণ হৈছো৷ একেদৰে আইনী পৰীক্ষা দিয়াৰ সময়তো মই মোৰ সৰু সন্তানটোক কোচত লৈয়ে পঢ়া-শুনা কৰিছিলো৷ মোৰ সন্তানেও মোৰ পঢ়া-শুনা কৰাত সহায় কৰিছে৷ বহু সময়ত সন্তানকেইটাই মোৰ পাঠ্যক্ৰমৰ মুখস্তও লৈছে৷

সংবাদ ৩৬৫ প্ৰতিনিধিঃ আপোনাৰ স্বামী হাকিম আৰু আপুনি অধিবক্তা৷ কৰ্মক্ষেত্ৰত আপোনালোকৰ মাজত সংঘাত আহিছেনে?
হিৰণ্যময়ী বৰুৱাঃ
ঠিক সংঘাট বুলি ক’ব নোৱাৰো৷ মোৰ স্বামী হাকিম আৰু মই অধিবক্তা৷ কিছু ক্ষেত্ৰত কেতিয়াবা এজনে compromise কৰিব লগা হয়৷ আইনী প্ৰক্ৰিয়াৰ মাজত এনে পৰিস্থিতিৰ আহিছে যদিও আমি মিলা-প্ৰীতি আৰু বুজা-বুজিৰে সকলো পৰিস্থিতিৰ সন্মুখীন হৈছো৷ ব্যক্তিগত ভাবে আমাৰ কোনোদিনে সংঘাট হোৱা নাই৷

সংবাদ ৩৬৫ প্ৰতিনিধিঃ আপোনাৰ পৰিয়ালৰ বিষয়ে জনাব?

হিৰণ্যময়ী বৰুৱাঃ মোৰ স্বামী হৰেশ্বৰ বৰুৱা অৱসৰপ্ৰাপ্ত ন্যায়াধীশ৷ জ্যেষ্ঠ পুত্ৰ হেমন্ত প্ৰতীম বৰুৱা, বোৱাৰী নৱপৰ্ণা শইকীয়া আৰু নাতি ৰিয়ান বৰুৱা বৰ্তমান জাৰ্মানীৰ বাসিন্দা৷ জ্যেষ্ঠ পুত্ৰ কৰ্মত মেকানিকেল ইঞ্জিনীয়াৰ৷ সৰু পুত্ৰ পাৰ্থ প্ৰতিম বৰুৱা ইলেকট্ৰিকেল ইঞ্জিনীয়াৰ৷ ছৌদি আৰৱৰ টিচিএছ কোম্পানীত কৰ্মৰত৷ জীয়ৰী প্ৰণামিকা বৰুৱা কাকতি, জোঁৱাই পাৰ্থ প্ৰতিম কাকতি আৰু নাতি দৈৱকি কাকতি৷ দুয়ো মেকানিকেল ইঞ্জিনীয়াৰ আৰু বৰ্তমান হায়দৰাবাদৰ বাসিন্দা৷

সংবাদ ৩৬৫ প্ৰতিনিধিঃ আহৰি সময়ত আপুনি কি কৰি ভাল পায়৷ 

হিৰণ্যময়ী বৰুৱাঃ আহৰি সময়ত মই লেখা কামতে ব্যস্ত থাকো৷ ইয়াৰ লগতে মই গান গাই, ভজন শুনি ভাল পাঁও৷ পুৰণি চিনেমা চোৱাৰো মোৰ চখ আছে৷  

সংবাদ ৩৬৫ প্ৰতিনিধিঃ আপোনাৰ প্ৰথম গ্ৰন্থখনৰ বিষয়ে জনাব?

হিৰণ্যময়ী বৰুৱাঃ মোৰ প্ৰথম উপন্যাস ৰঙা নদীৰ পাৰে পাৰে৷ গ্ৰন্থখন মিছিং কাহিনীৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা এখন সামাজিক গ্ৰন্থ৷ মই লক্ষীমপুৰৰ জীয়ৰী, সেই কাৰণে মই সৰুৰে পৰা মিছিং সংস্কৃতিৰ লগত জড়িত আৰু মিছিং কলা-সংস্কৃতিৰ প্ৰতি দুৰ্বলতা আছে৷ গ্ৰন্থখন লিখাত মোৰ সেই কাৰণে অসুবিধা ন’হল৷

চমুকৈ হিৰণ্যময়ী বৰুৱাঃ 

প্ৰিয় খাদ্যঃ কুৰি মাছ কচু ঔটেঙাৰ সৈতে মাছৰ জোল, লাবৰা ভাজি

পচন্দৰ স্থানঃ   বাঙ্গালোৰ, ছুইজাৰলেণ্ড৷ ছুইজাৰলেণ্ডক সপোনৰপুৰী বুলি ক’ব পাৰো৷

প্ৰিয় পোছাকঃ পাটৰ মেখেলা চাদৰ বটা বচা (গোলপীয়া ৰঙৰ)