মঙ্গলদৈ, ১১ ডিচেম্বৰঃ দেশৰ ভিতৰত আই ফোন বিক্ৰীত প্ৰথম স্থান দখল কৰিছে অসমৰ দৰং জিলাই। দৰং জিলাৰ প্ৰধান বাণিজ্যক কেন্দ্ৰ মঙ্গলদৈত অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে আই ফোন ৬ৰ বিক্ৰী। আই ফোন ৬ৰ বিক্রী অস্বাভাৱিক হাৰত বৃদ্ধি পোৱাত ৰহস্য সৃষ্টি কৰিছে দৰং জিলাত। মঙলদৈৰ মোবাইল ফোন বিক্ৰী কৰা দোকানসমূহত আই ফোন ৬ বিচাৰি কেইবা হাজাৰ গ্ৰহকে ভিৰ কৰা পৰিলক্ষিত হৈছে। মাত্ৰ তিনি দিনতে মঙ্গলদৈৰ মোবাইল ফোন বিক্ৰী কৰা দোকানসমূহত ১৫ হাজাৰতকৈও অধিক মূল্যৰ কেইবাশ আই ফোন বিক্ৰী হৈছে। আনহাতে দৰংত এনে অস্বাভাৱিক হাৰত আই ফোন বিক্ৰী হোৱাত মহানগৰী গুৱাহাটীত থকা আই ফোনৰ মাণ্ডলীক কাৰ্যালয় খলকনিৰ সৃষ্টি কৰিছে। সমগ্ৰ দেশৰ ভিতৰত মঙ্গলদৈত বিগত মাহত সৰ্বাধিক আই ফোনৰ বিক্ৰী হৈছে। আই ফোনৰ বিক্ৰী এনে অস্বাভাৱিক হাৰত বৃদ্ধি পোৱাত ইয়াৰ আঁৰত কিবা ৰহস্য থকাৰ আকাংক্ষা কৰি দৰং আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। বৰ্তমান তদন্তৰ বাবে দৰংত আৰক্ষীয়ে বন্ধ ৰাখিছে আই ফোনৰ বিক্ৰী। আৰক্ষীয়ে আই ফোন বিক্ৰী বন্ধ ৰখাৰ পিছতো আই ফোন বিচাৰি গ্ৰহকে ভিৰ কৰিছে দোকানত। ইয়াৰ ৰহস্য ফাদিল কৰিবলৈ দৰং আৰক্ষীয়ে তিনিজনলৈ লোকক আটক কৰি অনুসন্ধান আৰম্ভ কৰিছে।