হাট শিঙিমাৰী, ৫ জুলাইঃ ধুবুৰী আৰু দক্ষিণ শালমাৰাৰ উন্মক্ত ভাৰত-বাংলাদেশ সীমান্তয়েদি ব্যাপক হাৰত চলি থকা গৰুৰ চোৰাং বেহাৰ বিৰুদ্ধে সীমান্তত টহলদাৰী বি এছ অফ জোৱানে তৎপৰতাৰে অভিযান চলাই ৯২ টা গৰু উদ্ধাৰ কৰাৰ লগতে দুই সৰবৰাহকাৰীক আটক কৰে। উল্লেখ্য যে জিলা দুখনৰ বিশেষকৈ সুখচৰ, দক্ষিণ শালমাৰা আৰু ধুবৰী থানা এলেকাৰ বৰাইৰ আলগা, পুৰণি দেৱানৰ আলগা, মহামায়া চৰ, চৌকিচৰ বি এছ এফ কেম্প এলেকাৰ ভাৰত বাংলাদেশ সীমান্তত জব্দ কৰা হয় গৰু কেইটা। গৰু কেইটাৰ বজাৰ মূল্য প্ৰায় চাৰি লক্ষাধিক টকা বুলি বি এছ এফ সূত্ৰে জানিবলৈ দিয়ে। প্ৰতিখন বিএছএফ কেম্পৰ জোৱান সকলে পৃথক ভাৱে অভিযান চলাই গৰু কেইটা জব্দ কৰাৰ উপৰি দক্ষিণ শালমাৰা থানা এলেকাৰ চৌকিচৰ বি এছ এফ কেম্পৰ জোৱান সকলে সীমান্তৰ পৰা দুজনকৈ গৰু সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। ধৃত গৰু সৰবৰাহকাৰী দুজনক দক্ষিণ শালমাৰা থানা এলেকাৰ মুঠাখোৱা গাওঁৰ ৰূপচান্দ আলিৰ পুত্ৰ জনাব আলি (১৯) আৰু জালকত আলিৰ পুত্ৰ শ্বাহাদত আলি (১৯) বুলি জানিব পৰা গৈছে। বি এছ এফে দুয়োকে আটক কৰাৰ পিছত আৰক্ষীৰ হাতত চমজাই দিয়ে। বি এছ এফ সূত্ৰে প্ৰকাশ কৰা মতে পুৱতি নিশা দুয়ো কেবাটাও গৰু লৈ সীমান্ত অতিক্ৰম কৰাৰ চেষ্টা কৰিছিল। উক্ত সময়ত টহলধাৰী সুৰক্ষা বাহিনী গৰুকেইটা জব্দ কৰাৰ লগতে দুয়োকে কৰায়ত্ত কৰে। উল্লেখ্য যে, জিলা দুখনৰ উক্ত থানা কেইখন এলাকাৰ প্ৰায় ৪৫ কিলোমিটাৰ ঠাই উন্মুক্ত আৰু চৰ তথা নদী এলেকা। স্থল পথত আৰক্ষীয়ে কটকটীয়া কৰি তোলাৰ সমান্তৰালভাবে নদী আৰু উন্মুক্ত চৰ সীমান্তয়েদি বাংলাদেশলৈ গৰুৰ চোৰাং কাৰবাৰ দিনক দিনে বৃদ্ধি পাই অহা পৰিলক্ষিত হৈছে। তদুপৰি মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ পানী বৃদ্ধি পোৱাৰ বাবে গৰু সমূহ ভূটভূটি নাও যোগে দিনে নিশাই সীমান্তৰ একাংশ স্থানত জমা কৰাৰ পিছত নিশা বৰষুণ আৰু এন্ধাৰৰ সুযোগ লৈ বাংলাদেশলৈ গৰু সমূহ সৰবৰাহ কৰিছে আহিছে গৰু চোৰাং চক্ৰটোৱে।