শিৱসাগৰ, ১৩ ডিচেম্বৰ: শিৱসাগৰত এখন বিদেশী বিয়া৷ ইটালীৰ দৰা আৰু মঠাদাঙৰ কইনা। এখন বহুৰঙী চকলং বিয়া। ৱও চাওকাউ। আহোম দেওধাই বাইলুঙৰ মন্ত্ৰত চকলং নিয়মত বিয়া অনুষ্ঠিত হ’ল শিৱসাগৰত। বিয়াৰ দৰা সুদুৰ ইটালিৰ। কইনা মঠাদাংৰ মুনমী। দৰাৰ নাম এলেক্স এন্দ্ৰো ইমনাচি। মুনমী ইটালীত চাকৰি কৰি থাকোতে লগ পাইছিলে এলেক্সক। তাৰ পাছত প্ৰেম, অৱশেষত বিয়া। শিৱসাগৰৰ মঠাদাঙত সোমবাৰে দুয়োৰে যুগ্ম জীৱন আৰম্ভ হয়৷ ইটালিৰ চফটৱেৰ ইঞ্জিনীয়াৰ এলেক্স আৰু ইটালিত বিপণনৰ চাকৰি কৰা মুনমীৰ বিয়াত সুখী ইটালিৰ দৰা তথা অসমৰ জোঁৱাই হৈ সুখী ইটালিৰ দৰা। লগতে এই বিয়াত সুখী শিৱসাগৰৰ মুনমীৰ পৰিয়াল। অসম আহোম সম্পদায়ৰ বিধিকো প্ৰশংসা কৰিলে ইটালিৰ দৰাই৷ সুদূৰ ইটালিত অসমৰ আদৰৰ কথা প্ৰচাৰ কৰাৰ লগতে গৌৰাম্বিত হৈ অনুভৱ প্ৰকাশ কৰিলে ইটালিৰ দৰাই।