কলগাছিয়া, ১০ জুলাইঃ বৰপেটা জিলাৰ পশ্চিমাঞ্চলত বেঁঁকী নৈৰ জলপৃষ্ঠ ওফন্দি উঠাত জনীয়া আৰু বাঘবৰ সমষ্টিৰ শতাধিক গাঁও প্লাৱিত হৈছে। নদীৰ বাঢ়নী পানীয়ে সুতিৰপাথাৰ, কাউৰঝাহী, ডাউকমাৰী, আমগুৰি, খাৰবাল্লী, উদমাৰী, মোৱামাৰী, জাউৰিমাৰী, শইলমাৰী , মইনবড়ী গাঁও প্লাৱিত কৰাৰ ফলত শতাধিক  পৰিয়ালে মথাউৰি, বিদ্যালয়ত আশ্ৰয় লৈছে। বানাক্ৰান্তৰ মাজত খাদ্য, বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ইতৰ প্ৰাণীৰ দৰে জীৱন নিৰ্বাহ কৰিছে বানাক্ৰান্তই। বৰপেটা জিলা প্ৰশাসনে বানাক্ৰান্তৰ কোনো ধৰণৰ খবৰ নোলোৱাৰ অভিযোগ তুলি স্থানীয় লোকে শীঘ্ৰে অঞ্চলটোত সাহাৰ্য্য দিয়াৰ লগতে বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰাৰ বাবে প্ৰশাসনক দাবী জনাইছে। আনহাতে নৈৰ বাঢ়নী পানীয়ে কলগাছিয়া আমগুৰি পথৰ পকী দলঙৰ এপ্ৰোচ খহাই নিয়াৰ ফলত বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ যাতায়ত বন্ধ হৈ পৰিছে। খাৰবাল্লী গাঁৱতো পথ ছিঙি বিঘ্নিত হৈছে যাতায়ত ব্যৱস্থা। নৱনিৰ্মিত খাৰবাল্লীৰ দুটাকৈ পথ চিঙি গাঁওখনৰ আছৰুদ্দিন, জামাল বাদশা, ছোৰহাব আলী, হাফিজুৰ ৰহমান, জিন্নত আলী, ছেবাত আলী, আব্দুল মোতালেব, আলম, ৰেজ্জাক,ৰছিদ, সৰবেশ, মহৰ, ছামাদ, ছোলেমান, আতাব আলী, জুব্বাৰ আলী, মোহাম্মদ, মুছাব আলী, আব্দুল হালিম আৰু মহেজ আলীকে ধৰি প্ৰায় অৰ্ধশতাধিক পৰিয়াল জলবন্দী হৈ পৰিছে। ইয়াৰে আব্দুল হালিম আৰু আলমৰ পৰিয়ালে গৰু-ছাগলী সহ খাৰবাল্লী এল পি স্কুলত নিজাববীয়াকৈ আশ্ৰয় লৈছে। প্ৰাপ্ত অভিযোগ অনুসৰি বৰ্তমানলৈ স্থানীয় জনপ্ৰতিনিধি তথা প্ৰশাসনৰ তৰফৰ পৰা কোনোৱে বানাক্ৰান্তৰ খবৰ লোৱা নাই আৰু কোনো উদ্ধাৰ অভিযান চলোৱা নাই। স্থানীয় লোকে অতি শীঘ্ৰে বানাক্ৰান্তক সহায় কৰিবলৈ চৰকাৰক আহ্বান জনাইছে।