গুৱাহাটী, ৭ ডিচেম্বৰঃ ২০০৯ চনৰ ১২ ডিচেম্বৰত মহানগৰীৰ সমীপৱৰ্তী সোনাপুৰৰ যোগদলত সংঘটিত হোৱা এই হত্যাকাণ্ডই সেই সময়ত সমগ্ৰহ ৰাজ্যকে জোকাৰি গৈছিল। ২০০৯ চনৰ যোগদল হত্যাকাণ্ডৰ তদন্ত কৰি সুদীৰ্ঘ আঠ বছৰ পিছত চিআইডিয়ে গ্ৰেপ্তাৰ কৰিলে দুজনকৈ আৰক্ষী বিষয়াক। যোগদল হত্যাকাণ্ডৰ তদন্তকাৰী বিষয়া প্ৰণৱ ডেকা আৰু আব্দুল লাতিফ মজুমদাৰক চিআইডিয়ে হত্যাকাণ্ডৰ প্রমাণ নষ্ট কৰাৰ অভিযোগত আটক কৰিছে। উল্লেখ্য যে ২০০৯ চনৰ ১২ ডিচেম্বৰত সোনাপুৰৰ যোগদলত হৰকান্ত দলে, স্বপ্না দলেসহ তিনিজনকৈ শিশুক দুৰ্বৃত্তই ডিঙি কাটি হত্যা কৰিছিল। হত্যাকাণ্ড সংঘটিত কৰি দুৰ্বৃত্তই প্রমাণ নিষ্ট কৰাৰ বাবে হৰকান্ত দলেৰ ঘৰটো অগ্নিসংযোগ কৰিছিল।  সমগ্ৰহ ৰাজ্যতে চাঞ্চল্য সৃষ্টি কৰা এই হত্যাকাণ্ডকলৈ চৰ্চিত হৈছিল এজন কংগ্ৰেছৰ  নেতাও।