চেন্নাই, ১৩ মেঃ ক্রিকেটৰ ভগৱান খ্যাত শচীন তেণ্ডুলকাৰে সমগ্ৰ ক্ৰিয়া ক্ষেত্ৰখনত ক্ৰমাৎ প্ৰসাৰতা লাভ কৰিছে৷ ক্রিকেট আৰু ফুটবলৰ পাছত এইবাৰ কাবাদী ক্ষেত্ৰত প্রত্যক্ষভাৱে জড়িত হ’ল কিংবদন্তি ক্রিকেটাৰ শচীন তেণ্ডুলকাৰ। ২০১৪ৰ পৰা আৰম্ভ হােৱা আই এছ এলৰ অন্যতম দল কেৰালা ব্লাষ্টাৰ্ছৰ সহঃস্বত্বাধিকাৰ হিচাপে ফুটবলৰ ক্ষেত্ৰখনত জড়িত হোৱা প্রাক্তন ক্রিকেট তাৰকাগৰাকীয়ে এইবাৰ প্ৰ’ কাবাদী লীগৰ প্ৰচাৰ আৰু প্ৰসাৰত অংশ ল’ব। তেণ্ডুলকাৰে চেন্নাই দলটােৰ সহঃস্বত্বাধিকাৰ হিচাপে জড়িত হােৱা বুলি জানিব পৰা গৈছে৷ জুলাইৰ পৰা অক্টোবৰলৈ চলিবলগীয়া পঞ্চম সংস্কৰণৰ প্ৰ’ কাবাদী লীগত এইবাৰ চাৰিটাকৈ নতুন দলে প্রতিদ্বন্দ্বিতা আগবঢ়াব। তামিলনাডুৰ প্ৰখ্যাত ব্যৱসায়ী এন প্রসাদৰ সৈতে শচীনে চেন্নাই দলৰ স্বত্ব ক্রয় কৰাৰ বিপৰীতে জে এছ ডব্লিউ গ্রুপ, আদানি গ্রুপ আৰু জি এম আৰ গ্রুপে ক্ৰমে হাৰিয়ানা, গুজৰাট আৰু উত্তৰ প্রদেশ দলকেইটা ক্রয় কৰিছে। আই পি এল, আই এছ এল আৰু আই লীগৰ সৈতে জড়িত হােৱাৰ পাছত চীনৰ ম’বাইল কোম্পানী ভিভ’ শেহতীয়াকৈ প্র’ কাবাদী লীগৰ টাইটেল স্প’নছৰ হিচাপে চুক্তিবদ্ধ হৈছে।