গুৱাহাটী, ১৫ জুলাইঃ লোকেল কুংফু ছিৰিজৰ অভিনেতা-পৰিচালক কেনী বসুমতাৰীক এইবাৰ দেখিবলৈ পোৱা যাব নেতাজী সুভাষ চন্দ্র বসুৰ ৰূপত। বিশিষ্ট চলচিত্ৰ পৰিচালক তিগামাংশু ধুলিয়াৰ হিন্দী চলচিত্ৰ ৰাগ দেশত নেতাজী সুভাষ চন্দ্র বসুৰ চৰিত্ৰত অভিনয় কৰিছে কেনী বসুমতাৰীয়ে। চিনেমাখনৰ ট্ৰেইলাৰ আৰু চৰিত্ৰসমূহ ইতিমধ্যে যথেষ্ট সমাদৃত হৈছে। ট্ৰেইলাৰৰ কিছুমান দৃশ্যাংশত কেনীক নেতাজীৰ ৰূপত দেখা গৈছে। উল্লেখ্য যে, তিগামাংশু ধুলিয়াই চাহেব বিৱি অৰ গেংষ্টাৰ আৰু হাছিলৰ দৰে হিট চিনেমা নির্মাণ কৰাৰ লগতে পান সিং তোমাৰৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে৷ তিগামাংশুৱে গেংছ অব ৱাছিপুৰ ছিৰিজত খলনায়ক ৰামান্ধীৰ সিঙৰ চৰিত্ৰত অভিনয় কৰি সমাদৰ লাভ কৰিছে। ৰাগ দেশৰ মূল কাহিনী হৈছে ১৯৪৫ চনত ব্ৰিটিছক ভাৰতৰ পৰা খেদি পঠোৱাৰ ব্যৰ্থ চেষ্টা কৰি ধৰা পৰা ইণ্ডিয়ান নেশ্যনেল আৰ্মীৰ তিনিজন বিষয়াৰ কৰ্ট-মাৰ্চিয়েল আৰু তাৰ পিছত বিষয়া তিনিজনে লালকিল্লাত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে কিদৰে শক্তিশালী জনমত গঢ়ি তুলিছিল। ইণ্ডিয়ান নেশ্যনেল আৰ্মীৰ বিষয়া তিনিজনৰ ভিতৰত এজন আছিল হিন্দু (প্রেম ছেহগল), এজন মুছলমান (শ্বাহ নৱাজ খান) আৰু আনজন শিখ (গুৰবক্স সিং ধিল্লন)। বিষয়া তিনিজনৰ চৰিত্ৰত অভিনয় কৰিছে মোহিত মাৰৱা, কুনাল কাপুৰ আৰু অমিত সাধে। উল্লেখ্য যে, দ্বিতীয় বিশ্বযুদ্ধত ব্ৰিটিছৰ হৈ যুদ্ধ কৰি জার্মান, জাপানী আৰু ইটালিয়ান সেনাৰ হাতত ধৰা পৰা ভাৰতীয় সৈন্যসকলক সংগ্ৰহ কৰি নেতাজীয়ে ইণ্ডিয়ান নেশ্যনেল আর্মী গঠন কৰিছিল। নেতাজীয়ে বিশ্বাস কৰিছিল যে যিহেতু মাত্র প্রায় ৭০ হাজাৰ ইংৰাজে ভাৰতৰ ৩৮ কোটি জনতাক শাসন-নিয়ন্ত্রণ কৰিছে, গতিকে তেওঁলোকক খেদি পঠাবৰ বাবে প্রায় ৫০ হাজাৰ ভাৰতীয় সৈন্যৰ এটা বাহিনীয়েই যথেষ্ট  হ’ব। অৱশ্যে অস্বাস্থ্যকৰ দুৰ্গম এলেকা আৰু ৰচদ-পাতিৰ যোগানৰ অভাৱৰ লগতে ইম্ফলত ব্ৰিটিছ সেনাৰ তীব্র বাধাৰ সন্মুখীন হৈ অৱশেষত ইণ্ডিয়ান নেশ্যনেল আৰ্মী পিছুৱাবলৈ বাধ্য হয়। কিন্তু ধৰা পৰা বিষয়া তিনিজনৰ বিচাৰ আৰম্ভ হোৱাত জনতাই ইণ্ডিয়ান নেশ্যনেল আৰ্মীৰ প্ৰয়াস তথা সংগ্ৰামৰ বিষয়ে জানিব পাৰে আৰু ইয়াৰ লগে লগে প্রবল জনমত গঢ় লৈ উঠে৷ ফলস্বৰূপে নৌ সেনাৰ মাজত এক ব্যাপক বিদ্রোহে মূৰ দাঙি উঠে৷ ভাৰতত দিন সঁচাকৈয়ে উকলিছে বুলি ব্ৰিটিছ সকলক প্ৰতিয়ন নিওৱাত এই ঘটনাসমূহে এক বৃহৎ অনুঘটকৰ ভূমিকা পালন কৰে।চিনেমাখন প্রযোজনা কৰিছে ৰাজ্যসভা টিভিয়ে আৰু চিনেমাখনৰ প্ৰযোজক হৈছে চেনেলটোৰ চিইঅ’ গুৰদীপ সিং চপ্পল।ৰাগ দেশে ২৮ জুলাইত মুক্তি লাভ কৰিব৷