তিতাবৰ ৩০জুনঃ তিতাবৰ বোকাহোলা চাহ বাগিচাৰ উড়িয়া লাইনৰ নিৱাসী  শেৱালি মলিক (১৪) ২৯ জুন পুৱাৰ পৰা সন্ধানহীন হৈ আছে। মৃত অৰুণ মলিক আৰু কুসুম মলিকৰ জীয়ৰী শেৱালি ধলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী। মাক-দেউতাক নাইকিয়া শেৱালি ককায়েক-নবৌয়েকৰ লগত আছিল। স্থানীয় ৰাইজে শেৱালিৰ কোনো সন্ধান নোপোৱাত অপহৃত হোৱাৰ সন্দেহ কৰিছে। কিশোৰী গৰাকীৰ ককায়েকে তিতাবৰ আৰক্ষী থানাত নিৰুৰ্দ্দেশৰ এখন এজাহাৰ দাখিল কৰিছে।  কোনো লোকে শেৱালিৰ কিবা শুংসূত্ৰ পালে ওচৰৰ আৰক্ষী থানাত জনাবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে ।