বিজয়বাড়া, ১৭ মেঃ চ’চিয়েল মিডিয়াত বিয়পি পৰা বিজয়বাড়াৰ এটা ভিডি’অত এজন পিতৃৰ নিষ্ঠুৰতাই সকলোৰে মুকবন্ধ কৰি পেলাইছে, যি চকু সন্মুখতে নিজ সন্তানক মৃত্যুৰ মুখলৈ থেলি দিছে৷ চ’চিয়েল মিডিয়াত বিয়পি পৰা এই ভিডি’অত ৱ’ন মেৰু কৰ্কট ৰোগত আক্ৰান্ত এগৰাকী ১৩ বছৰীয়া কিশোৰীয়ে যন্ত্ৰনাত আতুৰ হৈ পিতৃ শিৱ কুমাৰক চিকিৎসাৰ কাৰণে প্ৰাৰ্থনা কৰাৰ এক হৃদয় বিদাৰক চিত্ৰ দেখুওৱা হৈছে৷ সাই শ্ৰীয়ে নামৰ এই কিশোৰীগৰাকীয়ে হাত আৰু ভৰিৰ অসহ্য বিষত কাতৰ হৈ পিতৃক চিকিৎসাৰ কাৰণে চিকিৎসালয়লৈ নিবলৈ অনুৰোধ কৰিছে৷ শ্ৰীয়ে তাইৰ চিকিৎসাৰ কাৰণে মাকৰ হাতত টকা অভাবৰ বুলিও পিতৃক কোৱা ভিডি’অত দেখুওৱা হৈছে৷ কিন্তু শ্ৰীৰ পিতৃয়ে সন্তানৰ চিকিৎসাৰ পৰিবৰ্তে ৰাজনৈতিক দল তেলেগু দেচম পাৰ্টীৰ এগৰাকী বিধায়ক বোন্দা উমা মহেশ্বৰৰ সহায়ত কেইজনমান ব্যক্তিক বিষয়টো গাপ দিবলৈ পঠায়৷ পিতৃৰ এই নিশংসতাৰ বিষয়ে অজ্ঞ শ্ৰীয়ে চিকিৎসা কৰি সুস্থ হ’লে পুনৰ বিদ্যালয়লৈ যোৱাৰ কথা ভিডি’অটোত আছে৷ দুৰ্ভাগ্য জনক যে সাই শ্ৰীৰ মৃত্যু হৈছে৷ কিন্তু এই ভিডি’অটো চ’চিয়েল মিডিয়াত বিয়পি পিছত সমগ্ৰ দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ সাই শ্ৰীৰ পিতৃ শিৱ কুমাৰ আৰু তেলেগু দেচম পাৰ্টীৰ বিধায়ক বোন্দা উমা মহেশ্বৰৰ বিৰুদ্ধে সৰ্বত্ৰ ক্ষোভৰ উদগীৰণ হৈছে৷ ৰাজ্যখনৰ মানৱাধিকাৰ আয়োগে আৰক্ষী আয়ুক্তক ঘটনাৰ বিস্তৃত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিছে৷ সাই শ্ৰীৰ মাতৃয়েও ভিডি’অটোৰ সত্যতা স্বীকাৰ কৰিছে৷