ছৰফৰাজ খান, ৪ জুনঃ ৫ জুন বিশ্ব পৰিবেশ দিৱস। পৃথিৱীৰ পৰিবেশ যাতে জীৱকূলৰ বাবে উপযোগী হৈ থাকে ইয়াৰ বাবে এই দিনটোত পৰিবেশ সংৰক্ষণৰ দিন হিচাপে ঘোষনা কৰি পৰিবেশ জীৱকূলৰ উপযোগী কৰি ৰাখিবলৈ বিভিন্ন কাৰ্যসূচী পালন কৰা হয়৷ নিজ স্বাৰ্থৰ বাবে মানৱ সমাজখনে যি হাৰত পৰিবেশখন বিনষ্ট কৰি আহিছে তাৰ এক জলন্ত উদাহৰণ দেখিবলৈ পোৱা গৈছে মহানগৰী গুৱাহাটীত। মহানগৰীৰ পৰা ক্ৰমাৎ হেৰাই যাবলৈ ধৰিছে পক্ষীকূল। মহানগৰীৰ পৰা আঁতৰি গৈছে ভাটৌ, মইনা, ঘনচিৰিকাৰ, বগলীৰ নিচিনা চৰাই। আজিৰ পৰা কিছু বছৰ পূৰ্বে মহানগৰীৰ আকাশত উৰি ফুৰা ভাটৌৰ জাক, বগলীৰ জাক এতিয়া দেখিবলৈ পোৱা নাযায় মহানগৰীৰ আকাশত। ক’ত গ’ল এই চৰাইৰ জাকবোৰ? কিয় গুৱাহাটী এৰিলে এই চৰাইবোৰে। ইয়াৰ উত্তৰ হ’ল পৰিবেশ, মহানগৰীৰ পৰিবেশ এতিয়া পক্ষীকূলৰ বাবে উপযোগী নহয়। মহানগৰীত অবাধ হাৰত গছ-গছনি, পাহাৰ-পৰ্বত, জলাশয়ৰ ধংসৰ ফলত বাসস্থান হেৰোৱাইছে চৰাই- চিৰিকটিয়ে। গছত বাসস্থান হেৰাইও চৰাইবোৰ এতিয়া অট্টালিকাৰ চাঁদতো নহা হ’ল, কাৰণ অট্টালিকাৰ চাঁদৰ খালি ঠাইবোৰ দখল কৰিলে মোবাইল টাৱাৰে। খাদ্য আৰু বাসস্থানৰ অভাবে মহানগৰীৰ পৰা আঁতৰাই পঠালে চৰাইৰ জাকবোৰক। মহানগৰীবাসীয়ে চৰাইৰ জাকৰ অনুপস্থিতি অনুভৱ কৰি চৰাই চাবলৈ আৰু চৰাইৰ মাত শুনিবলৈ ঢাপলি মেলিছে দ্বীপৰ বিলৰ পাৰলৈ। এসময়ত চৰাই চিৰকতিৰ মাত শুনি ৰাতিপুৱা টোপনিৰ পৰা সাৰ পোৱা গুৱাহাটী মহানগৰবাসীৰ বাবে নষ্টালজী হৈ পৰিছে আবেলিৰ আকাশত ঘৰমুৱা হোৱা চৰাইৰ জাকবোৰ।