গুৱাহাটী, ২৭ জুনঃ হঠাতে ৰাজ্যিক চিৰিয়াখানাত মৃত্যু হয় লাচিতৰ। পুৱা প্ৰায় ৮ বজাত চিৰিয়াখানাৰ কৰ্মীয়ে প্ৰত্যক্ষ কৰে লাচিতৰ মৃতদেহ। লাচিত অসম ৰাজ্যিক চিৰিয়াখানাৰ ১১ বছৰীয়া ঢেঁকীয়াপতীয়া বাঘ। লাচিতৰ মৃত্যুৰ খবৰ পাই বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম উপস্থিত হয় চিৰিয়াখানাত। বনমন্ত্ৰীয়ে  মৃত বাঘটো প্ৰত্যক্ষ কৰি মৰ্মাহত হয়৷ বাঘটোৰ মৃত্যুৰ কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই যদিও কোনো ধৰণৰ সংক্ৰমণৰ ফলত বাঘটোৰ মৃত্যু হৈছে বুলি বনমন্ত্ৰীয়ে মত প্ৰকাশ কৰে। তেওঁ যোৱা দুদিনত বৃদ্ধি পোৱা গৰমৰ  ফলটো বাঘটো মৃত্যু হ’ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰে। বনমন্ত্ৰীয়ে চিৰিয়াখানাত থকা বাঘৰ গড়ালবোৰ অতি ঠেক হোৱাৰ লগতে পৰ্যাপ্ত সুবিধা নথকাৰ কথাও জানিবলৈ দিয়ে। বনমন্ত্ৰী গৰাকীয়ে অতি শীঘ্ৰে চিৰিয়াখানা জীৱ-জন্তুক অত্যাধুনিক সুবিধা দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলিও জানিবলৈ দিয়ে। উল্লেখ্য যে, বৰ্তমান ৰাজ্যিক চিৰিয়াখানাত তিনিটা ঢেঁকীয়াপতীয়া বাঘ আছে৷ লাচিতৰ মৃত্যুৰ পিছত তিনিওটা বাঘৰ গড়ালত ফেনৰ ব্যৱস্থা কৰা হৈছে যাতে বাঘ কেইটা গৰমৰ পৰা ৰক্ষা পাব পাৰে।