লখিমপুৰ, ১০ জুলাইঃ লখিমপুৰৰ নাওবৈছাৰ গেন্ধালিত ১৫নং ৰাষ্ট্ৰীয় ঘাই পথত ৰঙা নদীৰ বাঢ়নী পানীয়ে ছিঙা অংশত যুদ্ধকালীন তৎপৰতাৰে জিলা প্ৰশাসনে নিৰ্মাণ কাৰ্য অব্যাহত ৰাখিছে৷ ৰঙা নদীৰ বাঢ়নী পানীয়ে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ উটুৱাই নিয়াৰ ফলত কাষৰীয়া অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানলৈ যাতায়ত কৰা যান-বাহনসমূহ আবদ্ধ হৈ পৰিছে ৰাজপথৰ ওপৰত ৷ ইতিমধ্যে ছিঙা অংশত চলি থকা মেৰামতিৰ কাম জিলা উপায়ুক্ত বৰুণ ভূঁঞা, লখিমপুৰ সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু মন্ত্ৰী নৱ কুমাৰ দলেয়ে পৰিদৰ্শন কৰে। আনফালে ৰঙা নদীৰ পানীয়ে প্লাৱিত কৰা অঞ্চলসমূহৰ ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ৰঙা নদীয়ে ঘাইপথ উটুৱাই নিয়াত আকস্মিক ভাবে জলস্তৰ বৃদ্ধি পোৱাত একাংশ ৰাইজৰ ঘৰত পানী সোমাই যোৱাত বহু মূল্যৱান সা-সামগ্ৰীৰ ক্ষতি হৈছে।