মানিকপুৰ, ২৬ জুনঃ এখন জৰাজীৰ্ণ কাঠৰ দলং, কিন্তু দলং খনত নাই কাঠ, লোহাৰ চেলৰ ওপৰেদি নিতৌ পাৰাপাৰ হ’বলগীয়া হয় কণ কণ ছাত্ৰ ছাত্ৰীৰ লগতে ডেকা, বুঢ়া। বঙাইগাঁৱৰ ৩৪নং উত্তৰ অভয়াপুৰী বিধানসভা সমষ্টিৰ অৰ্ন্তগত ভাণ্ডাৰা গাঁৱৰ এই জৰাৰ্জীণ দলঙখনেৰে নিতৌ পাৰাপাৰ হয় বহুতো স্কুল, কলেজৰ ছাত্ৰ ছাত্ৰীৰ লগতে প্ৰায় ২০ খন গাঁৱৰ ৰাইজ। আনফালে, ১নং ভাণ্ডাৰা আৰু ৪নং ভাণ্ডাৰা সংযোগী কৈ এখন দলং নিৰ্মাণৰ কাৰণে ৰাইজে দাবী জনাই আহিছিল যদিও আজিলৈ দলং নিৰ্মাণ নকৰাত বৃহত্তৰ অঞ্চলৰ  হাজাৰ হাজাৰ ৰাইজৰ লগতে শ শ ছাত্ৰ ছাত্ৰী মৰণক হৰণ দি কলগছৰ ভেলেৰে নিতৌ পাৰাপাৰ হ’বলগীয়াহৈছে।  মাণিকপুৰ অঞ্চলত বিশখনতকৈ অধিক ভঙা চিঙা কাঠৰ দলঙেৰে খোজ কাঢ়ি পাৰাপাৰ হোৱাৰ বাহিৰে কোনো বিকল্প নাই । সমষ্টিতোৰ অগপৰ বিধায়ক ভূপেন ৰায়ে বিগত ২০ বছৰত ৰাজত্ব দলং কেইখন মেৰামতি কৰাত কোনো গুৰুত্ব নিদিলে। আনহাতে বৰ্তমানৰ বিধায়ক আব্দুল হাই নাগৰীও দলং কেইখন পুননিৰ্মাণত গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে। পৰিৱৰ্তনৰ শ্ল’গান দি দিছপুৰৰ গাদী দখল কৰা সৰ্বা চৰকাৰৰ চকুত পৰিবনে এই দলংকেইখন। উল্স্হালেখ্য যে, স্থানীয় ৰাইজে নিজৰ গাঁঠিৰ ধনৰে দুইবছৰ পূৰ্বে নিৰ্মাণ কৰিছিল এই দলংখন।