মণিপুৰ, ১ অক্টোবৰঃ মণিপুৰৰ সীমা শুল্ক বিভাগে অভিযান চলাই বৃহৎ পৰিমানৰ অবৈধ সোণ জব্দ কৰে। প্ৰাপ্ত তথ্য মতে, মণিপুৰৰ সীমা শুল্ক বিভাগে এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলাই এখন টাটা চুমুৰ পৰা প্ৰায় ২০ কিলোগ্ৰাম অবৈধ সোণ জব্দ কৰে। চক্ৰটোৱে ম্যানমাৰৰ পৰা ছিলচৰলৈ সোণখিনি আনি থকা সময়ত মণিপুৰৰ সীমা শুল্ক বিভাগে জব্দ কৰে। মণিপুৰৰ সীমা শুল্ক বিভাগে সোণ জব্দ কৰাৰ লগতে তস্কৰ মহম্মদ নিজামুদ্দিন নামৰ এজনক আটক কৰে। জব্দ কৰা সোণখিনিৰ মূল্য আন্তৰাষ্ট্ৰীয় বজাৰত প্ৰায় ছয় কোটি বুলি মণিপুৰৰ সীমা শুল্ক বিভাগে জানিবলৈ দিয়ে। মণিপুৰৰ সীমা শুল্ক বিভাগে বৰ্তমান মহম্মদ নিজামুদ্দিনক আটক কৰি জেৰা অব্যাহত ৰাখিছে।