সংবাদ ৩৬৫ ডেস্ক, ৮ ছেপ্টেম্বৰঃ বহু চৰ্চিত আৰু প্ৰত্যাশিত প্ৰথমখন বিগ বাজেটৰ অসমীয়া ছবি মিছন চাইনাই আজি সমগ্ৰ দেশতে মুক্তি লাভ কৰে। অসমৰ ৫০টা ছবিগৃহৰ লগতে দিল্লী, মুম্বাই, পুনে আৰু বেংগালুৰুত প্ৰদৰ্শিত হৈছে মিছন চাইনা। মিছন চাইনাই মুক্তিৰ পূৰ্বে অসমবাসীৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে৷ পুৱাৰ পৰা চিনেমাখন উপভোগ কৰিবলৈ যথেষ্ট সংখ্যক দৰ্শকৰ সমাগম ঘটিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা ছবিগৃহসমূহত৷ ইতিমধ্যে গুৱাহাটীৰ ছবিগৃহসমূহত শেষ হৈছে তিনিদিনৰ টিকট। মঙলদৈতো টিকট বুকিং খুলি দিয়াৰ পিছতেই শেষ হয় ৫ দিনৰ টিকট। যোৰহাটৰ স্মৃতিগোপাল আৰু আইনক্স চিনেমা হলত মিছন চাইনা চাবলৈ পুৱাৰে পৰা দৰ্শকে ভিৰ কৰিছেহি৷ আনহাতে গোৱালপাৰাৰ দুধনৈৰ অম্বিকা চিনেপ্লেক্সত মিছন চাইনা চাবলৈ পুৱা ৫ বজাৰে পৰা অপেক্ষা কৰি অৱশেষত টিকট নাপাই দৰ্শকে ছবিগৃহৰ কৰ্তৃপক্ষৰ সৈতে বাক-বিতণ্ডাত লিপ্ত হয়৷ বহিঃৰাজ্যতো অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে মিছন চাইনাই। দিল্লীৰ ছবিগৃহতো প্ৰায় শেষ হৈছে প্ৰথম দিনৰ টিকট। মিছন ছাইনাৰ প্ৰিমিয়াৰ শ্ব’ত জুবিন গাৰ্গে কৰ্ণেল ৰিটাৰ্ণছ নামেৰে ছবিখনৰ ছিকুৱেল নিৰ্মাণৰ ঘোষণা কৰিছে৷ তেওঁ ভূপেন হাজৰিকাৰ ওপজা দিনত কৰ্ণেল ৰিটাৰ্ণছৰ মুক্তি দিয়াৰো আশা ব্যক্ত কৰে৷ উল্লেখ্য যে, প্ৰায় ২ কোটি টকা ব্যয়েৰে জুবিন গাৰ্গে মিছন ছাইনা নিৰ্মাণ কৰি উলিয়াইছে । বহু দিনৰ বিৰতিৰ পাছত মুক্তি লাভ কৰা অসমীয়া ছবি মিছন চাইনাই অসমৰ ছবিজগতলৈ অন্য এক অৱদান আগবঢ়াব চলচিত্ৰপ্ৰেমীয়ে  আশা ব্যক্ত কৰিছে।