নলবাৰী, ১৯ নৱেম্বৰ: সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়াত সৰ্বাধিক চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে ২০১৭/১৮ নাট্যবৰ্ষৰ ৰাজশ্ৰী থিয়েটাৰে মঞ্চস্থ কৰা এখন হৃদয়স্পৰ্শী নাট জনপ্ৰিয় নাট্যকাৰ অভিজিত ভট্টাচাৰ্য্যৰ ‘আত্মাৰ আৰ্তনাদ’। নাট্যযাত্ৰা আৰম্ভ কৰাৰ পৰাই আজিলৈকে নাটকখনে প্ৰতিটো পেণ্ডেলতে কৰিবলগীয়া হৈছে দুই-তিনিটা দৰ্শনী। এতিয়া প্ৰশ্ন হয় কি আছে নাটকখনত? নে এইবোৰ প্ৰচাৰৰ চমক? পিছে নহয়, নাটকখনত আছে এটা সুস্থ সাৱলীল কাহিনী। যি কাহিনী দৰ্শকে বুজি পাবলৈ বৰ বেছি সময় নালাগে। আদালতত কোনোদিনে উত্থাপন নোহোৱা এটা গোচৰৰ ভিত্তিত নাটকৰ কাহিনীভাগ আগবাঢ়ে। পিতৃ, পিতৃত্ব আৰু পিতৃস্নেহ সুন্দৰৰূপে প্ৰকাশ পাইছে নাটকখনত। সেইকাৰণেই হয়তো নাটকখনক দৰ্শকে আদৰি লৈছে। নাটকখনৰ এই সাফল্যৰ মূল কাৰণ হ’ল দলগত অভিনয় আৰু অভিজ্ঞ অভিনেতা তপন দাসৰ পৰিচালনাশৈলী। অভিনয়ৰ ক্ষেত্রত প্ৰথমতেই নাম ল’ব লাগিৱ তপন দাসৰ, তেওঁ এনে এজন অভিনেতা যিয়ে বহুত জটিল চৰিত্ৰ অনায়াসে ৰূপদান কৰিব পাৰে। লগতে এজন দক্ষ পৰিচালক, জুপিতৰা ভূঞা, কবিতা চুতীয়া, মিতুল বালাজী, উৎপলজ্যোতি নাথ, নৱ দত্ত, চন্দন বৰাৰ লগতে সুদৰ্শন নায়ক জেফ্ৰি বক্সিৰ অভিনয়ে শ্রেষ্ঠতাৰ শাৰীত বহুৱাইছে ‘আত্মাৰ আৰ্তনাদ’ নামৰ নাটকখনে।