মিৰ্জাৰ পৰা অজয় দাস, ২৯ নৱেম্বৰ: অংকুশিতাই অসমৰ সুনাম কঢ়িওৱাৰ লগতে আন এক অসম সন্তানে অসমৰ লগতে তেওঁ ভাৰতবৰ্ষৰো সুনাম কঢ়িয়াই সন্মান বুটলিবলৈ সক্ষম হৈছে। ছুইজাৰলেণ্ডত হোৱা ডব্লিউ এফ এফ মিঃ এচিয়া পেচিফিক প্ৰ’/ এম চেম্পিয়নশ্বিপত  ২৭ খন দেশৰ প্ৰায় ২৫০ জন লোকে অংশগ্ৰহণ কৰিছিল বুলি জনায় ছৰিফুলে ।  ভাৰতৰ হৈ বডিবিল্ডিং শ্ব’ত অংশগ্ৰহণ কৰিছিল অসম সন্তান ছৰিফুল আলম শইকীয়াই৷ আৰু সকলোকে চেৰ পেলাই সোণৰ পদ বুটলিবলৈ সক্ষম হোৱাৰ লগতে  মিষ্টাৰ এচিয়া সন্মান লাভ কৰিবলৈ সক্ষম হয় অসম সন্তান গৰাকীয়ে৷ ছৰিফুলক ডব্লিউ এফ এফ মিঃ এচিয়া পেচিফিক প্ৰ’/ এম চেম্পিয়নশ্বিপয়ে প্ৰৱেশ কাৰ্ড দিয়ে যাৰ জৰিয়তে তেওঁ কোনো আন্তঃৰাষ্ট্ৰীয় খেলত কোনো টেষ্ট তথা কুৱালিফাইৰ পৰীক্ষা নিদিয়াকৈ প্ৰৱেশ কৰিব পাৰিব ছৰিফুলে । ইয়াৰ পূৰ্বেও  মিষ্টাৰ ইণ্ডিয়া বডিবিল্ডিং শ্ব’ত দুবাৰকৈ ৰাণাৰ্চ আপ হৈছিল ছৰিফুলে। ছৰিফুল আলম শইকীয়াৰ ঘৰ নগাঁৱত৷ তেওঁৰ জয়ত সমগ্ৰ নগাঁৱৰ লগতে অসম উৎফুল্লিত হৈ উঠিছে৷ মিষ্টাৰ এচিয়া ছৰিফুল আলম শইকীয়া নিশা বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে উষ্ম আদৰণি জনায় বিভিন্ন দলৰ লগতে নগাঁৱৰ লোকে। আনহাতে ছৰিফুলে জনায় যে তেওঁ পৰৱৰ্তী লক্ষ্য মিষ্টাৰ ইউনিভাৰ্ছ৷