শিৱসাগৰ, ১৮ জুলাইঃ উজবেকিস্থানৰ টাছখণ্ডত অনুষ্ঠিত হ’বলগীয়া নৱম এছিয়ান এজ গ্ৰুপ ছুইমিং চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰিব শিৱসাগৰৰ আস্থা চৌধুৰীয়ে৷ শিৱসাগৰৰ ব্যৱসায়ী তথা সমাজকৰ্মী ৰূপম চৌধুৰী আৰু মণিকা চৌধুৰীৰ জ্যেষ্ঠ কন্যা আস্থা চৌধুৰী৷ আস্থাই দিল্লীৰ ড০ ৰাজেন্দ্ৰ প্ৰসাদ নবোদয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী৷ ২০০৭ চনৰ পৰা সাতোৰ অনুশীলন কৰা আস্থাই বৰ্তমানলৈ ৪টা সোণৰ, ৩টা ৰূপৰ আৰু ৪টা ব্ৰঞ্জৰ পদক লাভ কৰি ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিছে৷ শিৱসাগৰৰ অন্যতম আগশাৰীৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান ৰংপুৰজ্যোতি প্ৰেছ ক্লাবৰ পৰা ভাৰতক প্ৰতিনিধিত্ব কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা আস্থাক সম্বৰ্ধনা জনোৱা হয়৷ বিশিষ্ট সমাজকৰ্মী পোনাৰাম মিলিৰ সভাপতিত্বত অনুষ্ঠিত সভাখন পৰিচালনা কৰে প্ৰবীণ ক্ৰীড়া সংগঠক বাবুল খান আৰু দেৱজ্যোতি দত্তই৷ সভাত আস্থাৰ লগত ভগ্নী তথা প্ৰতিভাবান সাঁতোৰবিদ কাশ্মিৰী চৌধুৰী, পিতৃ ৰূপম চৌধুৰী, মাতৃ মণিকা চৌধুৰী ৰংপুৰ জ্যোতি ক্লাৱ, শিৱসাগৰ জিলা ক্ৰীয়া সন্থা, ৰয়িং-বয়িং সন্থা, নেষ্ট ফাউণ্ডেছন, উজনি অসম মুছলিম কল্যান পৰিষদ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও আস্থাক সম্বৰ্ধনা জনায়৷ ইতিমধ্যে আস্থাই এমহীয়া অনুশীলনৰ কাৰণে দিল্লীলৈ ৰাওনা হৈছে৷ নৱম এছিয়ান এজ গ্ৰুপ ছুইমিং চেম্পিয়নশ্বিপখন অহা ৯ ছেপ্টেম্বৰৰ পৰা ১১ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’ব৷ আস্থাই নেপালত অনুষ্ঠিত হোৱা 15 th LA Inter-school SAAPC Imitation Swimming Championship ত আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰথমটো সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে৷